Thursday, 05 November 2026
লগইন

পূজাৰ বতৰতে একাউণ্টত সোমাব নেকি PM KISSAN নিধিক কিস্তিৰ ধন?

পূজাৰ বতৰত ধন সোমাব আপোনাৰ একাউণ্টত!

নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২৪ নং কিস্তিৰ ধনৰ বাবে অপেক্ষা কৰি আছে হাজাৰ হাজাৰ কৃষকে। উল্লেখ্য যে, ইতিমধ্য সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে উৎসৱৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি তুংগত উঠিছে। এনে উৎসৱত বতৰত কৃষকৰ মনত এটাই প্ৰশ্ন চলি আছে, পূজাৰ সময়ত তেওঁলোকৰ একাউণ্টত PM KISSAN ৰ ২৪ নং কিস্তিৰ ধন জমা হ’বনে? কেতিয়াৰ পৰা উপলব্ধ হ’ব এই সাহায্য।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী কিষাণ নিধি যোজনাৰ অধীনত যোগ্য কৃষকক প্ৰতি বছৰে ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়া হয়। এই ধন দুজাহাৰ টকাকৈ তিনিটাকৈ কিস্তিত পোনপটীয়াভাৱে কৃষকৰ একাউণ্টলৈ ট্ৰেন্ফাৰ কৰা হয়। আগষ্ট-নৱেম্বৰ মাহৰ পেমেণ্ট চাৰ্কলৰ বাবে ধন এই মাহতে আহিব পাৰে বুলি অনুমান কৰা হৈছিল। অৱশ্যে PM KISSAN ৰ পৰৱৰ্তী কিস্তিৰ মুক্তিৰ সঠিক তাৰিখ আৰু সময় এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। গতিকে কৃষকসকলে কেৱল প্ৰধানমন্ত্ৰী কিষাণৰ অফিচিয়েল ৱেবচাইটত প্ৰকাশিত চৰকাৰী অধিসূচনা আৰু আপডেটৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সামাজিক মাধ্যমত বিয়পি পৰা জল্পনা-কল্পনাক নিশ্চিত খবৰ হিচাপে লোৱা সঠিক নহয়।

কেনেকৈ পৰীক্ষা কৰিব PM KISSAN PAYMENT STATUS ONLINE?

কৃষকসকলে তলত উল্লেখিত এই পদক্ষেপসমূহৰ জৰিয়তে তেওঁলোকৰ পঞ্জীয়ন আৰু ধন পৰিশোধৰ সবিশেষ পৰীক্ষা কৰি চাব পাৰিব।

* ইয়াৰ বাবে প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণৰ অফিচিয়েল ৱেবচাইট https://pmkisan.gov.in/ লৈ যাওক।

* তাৰ পিছত ষ্টেটাছ টেবত ক্লিক কৰক।

* আপোনাৰ পি এম কিষাণ পঞ্জীয়ন নম্বৰটো দিয়ক।

* স্ক্ৰীণত দেখা দিয়া কেপচা ক’ড সোমোৱাওক। 

* ভেৰিফিকেচৰ বাবে ‘Get OTP’ ত ক্লিক কৰক।

* এবাৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হ’লে পৰ্টেলে আপোনাৰ পঞ্জীয়ন আৰু পেমেণ্টৰ অৱস্থাৰ সৈতে জড়িত উপলব্ধ তথ্য দাঙি ধৰিব।

কৃষক ধন পোৱাত পলম হ’লে কি কৰিব লাগে?

যদি কিস্তি ধন মুকলি কৰাৰ পিছতো আপোনাৰ পঞ্জীয়নভুক্ত বেংক একাউণ্টত ধন নোসোমায়, তেন্তে প্ৰথমে PM KISSAN পৰ্টেলত গৈ কোনো কাম বাকী আছে নেকি বা ধন প্ৰেৰণ কৰাত কোনো সমস্যাই দেখা দিছে নেকি সেয়া চাব পাৰে।

চৰকাৰী পৰ্টেলত প্ৰদৰ্শিত তথ্য আৰু পৰিস্থিতিৰ ভিত্তিত কৃষকসকলে এই কামসমূহ কৰিব লাগিব-

1. পঞ্জীয়ন সবিশেষ পৰীক্ষা কৰা।
2. প্ৰয়োজন সাপেক্ষে E-KYC সম্পূৰ্ণ কৰক।
3. ভূমি পৰীক্ষণৰ সবিশেষ আপডেট কৰক।
4. বেংক একাউণ্টৰ সৈতে আধাৰ লিংক কৰক।
5. অথবা সমশ্লিষ্ট চৰকাৰী বিভাগৰ জৰিয়তে অন্য সমস্যা সমাধান কৰক।

কৃষকসকলে নিয়মীয়াকৈ আঁচনিখনৰ চৰকাৰী ৱেবচাইটত পৰীক্ষা কৰি PM KISSAN ২৪ তম কিস্তিৰ সন্দৰ্ভত শেহতীয়া খবৰ, অধিসূচনা আৰু আপডেটসমূহ চাই থাকিব।
##bigupdate #newsupdate #pmkissan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।