Saturday, 21 November 2026
লগইন
ব্ৰেকিং

১৩৭ বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৰোগীলৈ সকাহ NPPAৰ

কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস

নিউজ ডেস্ক : নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি (NPPA)-ই ১৩৭ বিধ কৰ্কট ৰোগৰ ঔষধৰ বাণিজ্যিক লাভৰ অংশ সীমিত কৰিছে । যাৰ ফলত শ শ ঔষধৰ মূল্য হ্ৰাস পাইছে। ইয়াৰ দ্বাৰা গ্ৰাহকসকলৰ বছৰেকত প্ৰায় ৩,৫৪০ কোটি টকা ৰাহি হ’ব বুলি আশা কৰা হৈছে ।

২০২৬ চনৰ ১৭ অক্টোবৰত ডাইৰেক্টৰেট জেনেৰেল অৱ হেল্থ ছাৰ্ভিচেছ (DGHS) ৰ দ্বাৰা গঠিত এখন বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ ভিত্তিত লোৱা সিদ্ধান্তৰ পিছত ৯ নৱেম্বৰৰ পৰা এই সংশোধিত মূল্য কাৰ্যকৰী হৈছে । ৰসায়ন আৰু সাৰ মন্ত্ৰণালয়ৰ মতে, ৮ নৱেম্বৰলৈকে ৮৫ টা ফাৰ্মাচিউটিকেল কোম্পানীয়ে ১২১ বিধ ঔষধৰ ১,৩৬৪ টা কৰ্কট ৰোগৰ ঔষধৰ ফৰ্মুলেচনৰ সংশোধিত মূল্যৰ বিষয়ে অৱগত কৰিছে ।

ইয়াৰে ৬৭৯ টা ব্ৰেণ্ডৰ ঔষধৰ সৰ্বোচ্চ খুচুৰা মূল্য (MRP) ৫০ শতাংশতকৈও অধিক হ্ৰাস পাইছে, আনহাতে সৰ্বোচ্চ মূল্য হ্ৰাসৰ পৰিমাণ হৈছে ৯৬.৪৫ শতাংশ। মূল্য সংশোধনৰ ফলত গ্ৰাহকৰ আনুমানিক বাৰ্ষিক ৰাহিৰ পৰিমাণ ৩,৫৪০.৩৮ কোটি টকা বুলি নিৰ্ধাৰণ কৰা হৈছে।

ঔষধ বিক্ৰেতা (Chemists) আৰু হাস্পতালৰ ফাৰ্মাচীসমূহে সংশোধিত MRP তকৈ অধিক মূল্য ল’ব নোৱাৰিব। গ্ৰাহকসকলে অতিৰিক্ত মূল্য লোৱা আৰু মূল্য নিৰ্ধাৰণ সম্পৰ্কীয় অন্যান্য উলংঘনৰ বিষয়ে 'ফাৰ্মা জন সমাধান' (Pharma Jan Samadhan) প'ৰ্টেলৰ জৰিয়তে বা NPPA হেল্পলাইন নম্বৰ 1800-111-255 ত কল কৰি অভিযোগ কৰিব পাৰিব।

চৰকাৰে এই পদক্ষেপক সুলভ মূল্যত কৰ্কট ৰোগৰ চিকিৎসাৰ সুবিধা উন্নত কৰাৰ প্ৰচেষ্টাৰ অংশ বুলি বৰ্ণনা কৰিছে । ২০২৬ চনৰ ১৭ অক্টোবৰত জাৰি কৰা অধিসূচনা SO 5690 (E) ৰ জৰিয়তে এই ব্যৱস্থাসমূহ প্ৰৱৰ্তন কৰা হৈছিল আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এইসমূহ বাহাল থাকিব।

ঔষধ প্ৰস্তুতকৰ্তাসকলে ড্ৰাগছ (প্ৰাইচ কণ্ট্ৰল) অৰ্ডাৰ, ২০১৩ ৰ পেৰাগ্ৰাফ ২০(১) ৰ অধীনত বাৰ্ষিক মূল্য সংশোধনৰ বাবে আবেদন কৰি থাকিব পাৰিব, অৱশ্যে ইয়াৰ বাবে নিৰ্ধাৰিত ৩০ শতাংশ বাণিজ্যিক লাভৰ অংশৰ সীমা (trade margin ceiling) মানি চলিব লাগিব।

সংশোধিত মূল্যৰ তালিকাসমূহ খুচুৰা বিক্ৰেতা, ফাৰ্মাচী, হাস্পতাল আৰু অন্যান্য চিকিৎসা প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ চৌহদত আৰু নিজা ৱেবছাইটত স্পষ্টকৈ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক।
##AntiCancerDrug #Prices #Cancerdrugprices #কৰ্কট ৰোগ

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।