Friday, 06 November 2026
লগইন

বয়সৰ আগতেই স্মৃতিভ্ৰংশ হৈ পৰিছে নেকি? ডিমেনচিয়া বা স্মৃতিভ্ৰংশৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

বয়সৰ আগতেই স্মৃতিভ্ৰংশ! এতিয়া কি কৰিব?

নিউজ ডেস্ক :বয়স বাঢ়ে, কিন্তু মগজু ঠিক কেতিয়া বুঢ়া হয় ,সেই কথা কোনেও নাজানে। শৰীৰৰ বয়সৰ সৈতে ইয়াৰ হিচাপ নিমিলিবও পাৰে। এনে এটা সময় আহে, যেতিয়া মগজুৰ কোঠালীবোৰত ধূলি জমা হ'বলৈ আৰম্ভ কৰে। স্মৃতিৰ পাতবোৰ ধূসৰ হৈ পৰে, মগজুৰ অস্ত্ৰত মামৰে ধৰে। তেতিয়াৰ পৰাই বাৰ্ধক্যৰ আৰম্ভণি হয়। ই যে কেৱল শৰীৰ বুঢ়া হ’লেই হ’ব তেনে নহয়, বহু আগতেও হ’ব পাৰে। মগজুৰ প্ৰতিটো কোঠালীৰ বৃদ্ধি আৰু ইয়াৰ গতি সুকীয়া। সেইবাবেই মগজুৰ প্ৰাপ্তবয়স্কতা জোখাৰ দৰে যেনেকৈ কোনো যন্ত্ৰ নাই, ঠিক তেনেকৈ ইয়াৰ বাৰ্ধক্য জোখাৰো কোনো স্কেল নাই। তথাপিও মগজু বুঢ়া হয়। স্মৃতি শক্তি ম্লান হৈ পৰে। বহু লোক ডিমেনচিয়াত আক্ৰান্ত হয়।

বাৰ্ধক্য আহিলে যে স্মৃতিশক্তি ম্লান হ’ব, এই ধাৰণাটো ভুল। চিকিৎসক এছ এ মল্লিকৰ মতে, ডিমেনচিয়া হঠাতকৈ নহয়, বৰঞ্চ দৈনিক কিছুমান অনিয়মিয়া অভ্যাসেহে এই ৰোগ মাতি আনে। চিকিৎসকগৰাকীয়ে ৫টা সহজ উপায়ৰ কথা উল্লেখ কৰিছে, যিবোৰ মানি চলিলে কম বয়সতো স্মৃতিশক্তি সতেজ থাকিব আৰু ডিমেনচিয়াৰ আশংকা হ্ৰাস পাব।

১. নিয়মীয়া শৰীৰচৰ্চা, সপ্তাহত অন্ততঃ ১৫০ মিনিট খোজ কঢ়া

প্ৰতিদিনে নিয়মীয়াকৈ ব্যায়াম কৰাটো অত্যন্ত জৰুৰী। যিসকলে প্ৰতিদিনে জিমলৈ যোৱাৰ সময় নাপায়, তেওঁলোকে সপ্তাহত অন্ততঃ ১৫০ মিনিট, অৰ্থাৎ দৈনিক ৩০ মিনিটকৈ ৫ দিন খোজ কাঢ়িলেই যথেষ্ট। খোজ কাঢ়িলে মগজুত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু মগজুৰ কোষবোৰ সক্ৰিয় হৈ থাকে। গতিকে কেৱল ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ বা ফিটনেছ ধৰি ৰাখিবলৈকে নহয়, মগজুৰ বয়স কমাই ৰাখিবলৈও শাৰীৰিক চৰ্চা অত্যন্ত প্ৰয়োজনীয়।

২. ব্লাড প্ৰেছাৰ, চুগাৰ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখক

এই তিনিটাই মগজুৰ শত্ৰু। প্ৰেছাৰ (ৰক্তচাপ), চুগাৰ (মধুমেহ) আৰু কলেষ্টেৰল বাঢ়িলে মগজুৰ সৰু সৰু ৰক্তনলীবোৰ ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত ডিমেনচিয়া (স্মৃতিভ্ৰংশ)ৰ আশংকা বহুগুণে বৃদ্ধি পায়। সেয়েহে নিয়মীয়া চেকআপ (স্বাস্থ্য পৰীক্ষা) কৰাটো জৰুৰী।

৩. কিতাপ পঢ়ক/ আড্ডা দিয়ক 

এটা কোঠাত আবদ্ধ হৈ নাথাকিব। কিতাপ পঢ়া, পাজল , ডবা খেলা, নতুন কিবা এটা শিকা আদিয়ে যেনেকৈ মগজুক চোকা আৰু সক্ৰিয় কৰি ৰাখে, তেনেকৈয়ে বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে আড্ডা মৰা বা কথা পতাইও মগজুক সুস্থ কৰি ৰাখে। সামাজিকভাৱে বিচ্ছিন্ন হৈ থকাটোৱেই ডিমেনচিয়া (স্মৃতিভ্ৰংশ ৰোগ)ৰ এটা ডাঙৰ কাৰণ। গতিকে কামৰ চাপ যিমানেই নাথাকক কিয়, বন্ধু-বান্ধৱী, পৰিয়ালৰ সৈতে সময় কটাবলৈ বা সামাজিকভাৱে মেলামেছা কৰিবলৈ সময় উলিয়াবই লাগিব।

৪. শ্রৱণশক্তি আৰু দৃষ্টিশক্তি ৰক্ষা কৰক

কমকৈ শুনিবলৈ পোৱা বা ধোঁৱাকোৱা দেখা পোৱাৰ অৰ্থই হৈছে মস্তিষ্কৰ ওপৰত অতিৰিক্ত চাপ পৰা। বয়স কমেই হওক বা বেছিয়েই হওক, সময়মতে চকু আৰু কাণৰ পৰীক্ষা কৰাওক, প্ৰয়োজন হ'লে চশমা বা হিয়াৰিং এইড ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা মস্তিষ্কৰ ওপৰত চাপ কমিব।

৫. পৰ্যাপ্ত টোপনি আৰু সঠিক খাদ্যাভ্যাস

চিকিৎসকসকলৰ মতে, যিসকল লোকে কমকৈ শুৱে তেওঁলোকৰ ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বেছি থাকে। টোপনিৰ সময়তেই মগবিয়ে নিজকে পৰিষ্কাৰ কৰে। ইয়াৰ উপৰি, খাদ্যত প্ৰচুৰ পৰিমাণে শাক-পাচলি, বাদাম আৰু মাছ ৰাখক। প্ৰক্ৰিয়াজাত খাদ্য, চেনি বা মিঠা জাতীয় বস্তু আপোনাৰ খাদ্য তালিকাৰ পৰা বাদ দিয়ক।

ডিমেনচিয়া বা স্মৃতিভ্ৰংশ হৈছে এক দীৰ্ঘম্যাদী সমস্যা যিটো হঠাতে এদিনতে নহয়, বৰঞ্চ আমাৰ ভুল জীৱনশৈলী আৰু অভ্যাসৰ ফলত লাহে লাহে গঢ়ি উঠিব পাৰে। এতিয়াৰ পৰাই যদি আপুনি তলত দিয়া ৫টা স্বাস্থ্যকৰ অভ্যাস মানি চলে, তেন্তে বৃদ্ধ বয়সলৈকে আপোনাৰ স্মৃতিশক্তি সতেজ আৰু সক্ৰিয় হৈ থাকিব।
##bigupdate #newsupdate #health #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।