নিউজ ডেস্ক : এটা সৰু ‘ৱায়াৰলেছ’ বা তাৰবিহীন যন্ত্ৰ। শৰীৰত ইয়াক প্ৰতিস্থাপন কৰিলে তেজত শৰ্কৰা (চুগাৰ) বৃদ্ধি পোৱাৰ চিন্তাই কৰিব নালাগিব। ধমনীৰে বৈ যোৱা তেজত থকা অতিৰিক্ত গ্লুক’জ এই যন্ত্ৰটোৱে শুহি উলিয়াই দিব। ইয়াৰ বাবে কোনো ইনচুলিন বা ঔষধৰো প্ৰয়োজন নহ’ব। চুইজাৰলেণ্ডত গৱেষণা কৰি থকা এজন বঙালী বিজ্ঞানীয়ে এনে এটা যন্ত্ৰ আৱিষ্কাৰ কৰিছে। এই যন্ত্ৰটোৱে ভৱিষ্যতে ডায়েবেটিছ ৰোগৰ চিকিৎসা পদ্ধতিত এক আমূল পৰিৱৰ্তন আনিব পাৰে।
তথ্য অনুসৰি, গৱেষণাটো এতিয়াও মানৱ শৰীৰত কৰা হোৱা নাই। অৱশ্যে, এন্দুৰৰ ওপৰত পৰীক্ষা কৰি দেখা গৈছে যে, এই যন্ত্ৰটোৱে ৯০ মিনিটৰ ভিতৰত তেজত শৰ্কৰাৰ মাত্ৰা নিখুঁতভাৱে নিয়ন্ত্ৰণলৈ আনিছে। এই যন্ত্ৰটোৰ সহায়ত ৬ সপ্তাহ চিকিৎসা চলোৱাৰ পিছত শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস পাই আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও স্বাভাৱিক হৈ পৰিছে। ETH Zurich গৱেষক দেৱাশীষ মাইতি আৰু তেওঁৰ সতীৰ্থসকলে এই কথা প্ৰকাশ কৰে।
এই যন্ত্ৰটোৱে ঠিক কেনেকৈ কাম কৰিব?
গৱেষকসকলে জনোৱা মতে, যন্ত্ৰটো ছালৰ তলত প্ৰতিস্থাপন কৰা থাকিব আৰু ই স্মাৰ্টফোনৰ জৰিয়তে প্ৰতিমুহূৰ্ততে এটা গ্লুক’জ মনিটৰৰ সৈতে সংযোগ হৈ থাকিব। মনিটৰটোত তেজত গ্লুক’জৰ মাত্ৰা আগতীয়াকৈ নিৰ্ধাৰণ কৰি থোৱা হ'ব। যেতিয়াই সেই মাত্ৰা অতিক্ৰম কৰিব, যন্ত্ৰটো স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হৈ পৰিব আৰু নিজৰ কাম আৰম্ভ কৰি দিব। গৱেষকসকলে জনাইছে যে গ্লুক’জৰ মাত্ৰা নিৰ্ধাৰিত সীমাতকৈ তললৈ নমাই অনাৰ পিছতহে ইয়াৰ কাম শেষ হ’ব।
ছুইজাৰলেণ্ডৰ কেন্দ্ৰীয় প্ৰযুক্তি বিষয়ক গৱেষণা প্ৰতিষ্ঠান ETH ৰ পোষ্ট ডক্টৰেল গৱেষক দেৱাশীষে সদৰী কৰে যে, এই সকলোবোৰ তথ্য মূলতঃ নিগনিৰ ওপৰত কৰা পৰীক্ষাৰ ভিত্তিতহে প্ৰকাশ কৰা হৈছে। তেওঁ কয়, ‘‘মানৱ শৰীৰত এই যন্ত্ৰটো প্ৰতিস্থাপন কৰি পৰীক্ষা কৰিবলৈ হ’লে এই প্ৰযুক্তিৰ অধিক সূক্ষ্মাতিসূক্ষ্ম দিশসমূহৰ ওপৰত চকু দিব লাগিব। লগতে যন্ত্ৰটোৰ আকাৰ-আয়তনো হ্ৰাস কৰিব লাগিব।’’
আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনৰ ২০২৫ চনৰ হিচাপ অনুসৰি, সমগ্ৰ বিশ্বত ৫৯ কোটি প্ৰাপ্তবয়স্ক লোক ডায়েবেটিছত আক্ৰান্ত। যাৰ ভিতৰত কেৱল ভাৰততেই ৯ কোটি ডায়েবেটিছ ৰোগী আছে। আনহাতে চিকিৎসা বিজ্ঞানে কয় যে, তেজত গ্লুক’জৰ মাত্ৰাৰ তাৰতম্য বা খেলিমেলিয়েই বেছিভাগ জটিল ৰোগৰ মূল কাৰণ। যিয়ে দীৰ্ঘম্যাদীভাৱে কেন্সাৰৰ দৰে গুৰুতৰ সমস্যাৰো বীজ সিঁচিব পাৰে।
বৰ্তমান সময়ত ডায়েবেটিছৰ যি চিকিৎসা কৰা হয়, সেয়া মূলতঃ ঔষধৰ সহায়ত তেজত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে, এই চিকিৎসা পদ্ধতি আজীৱন চলাই যাব লগা হয়। বেছিভাগ ক্ষেত্ৰতে ইয়াৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াও দেখা পোৱা যায়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।