Friday, 06 November 2026
লগইন
ব্ৰেকিং

৬৫ বছৰৰ ঊৰ্ধ্বৰ লোকসকলে কৰক এই কাম

আঁঠু মজবুত কৰিবলৈ কৰক এই ৫ টা ফলপ্ৰসূ কাম

বয়স বৃদ্ধিৰ লগে লগে সক্ৰিয় জীৱনশৈলী বজাই ৰাখিবলৈ আঁঠু শক্তিশালী কৰি ৰখাটো অতি প্ৰয়োজনীয় হৈ পৰে। অৰ্থ’পেডিক বিশেষজ্ঞসকলৰ মতে, আঁঠুক সুৰক্ষা দিয়া পেশীসমূহ শক্তিশালী কৰিলে গাঁঠিৰ ওপৰত পৰা চাপ হ্ৰাস পায় আৰু ই আঘাত প্ৰতিৰোধ কৰাত সহায় কৰে। 

স্কোয়াট্‌ছ সাধাৰণতে শৰীৰৰ কোৰ, নিতম্ব , আৰু তিৰ্যক বা উৰুৰ পেশীৰ শক্তি বৃদ্ধিৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। অৱশ্যে, ড° ওৱাজেনে বয়োবৃদ্ধ লোকসকলক গভীৰভাৱে স্কোয়াট কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে, কাৰণ ইয়াৰ ফলত মেনিস্কাছ আঘাতৰ আশংকা বৃদ্ধি পাব পাৰে বা আঁঠুৰ বাতবিষ অধিক বেয়া হ’ব পাৰে।

তেওঁ উল্লেখ কৰে যে, "মই ৬৫ বছৰৰ ওপৰৰ কাৰো বাবে গভীৰ স্কোয়াট কৰাৰ পৰামৰ্শ কেতিয়াও নিদিওঁ।" ইয়াৰ পৰিৱৰ্তে, তেওঁ কিছুমান পৰিৱৰ্তিত বা মডিফাইড ৰূপ যেনে— মিনি স্কোয়াট , চেয়াৰ স্কোয়াট বা ৱাল স্কোয়াট কৰাৰ পৰামৰ্শ দিয়ে। এই ব্যায়ামসমূহে আঁঠুৰ গাঁঠিত কোনো ধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈয়ে একেই পেশীসমূহক সক্ৰিয় কৰি তোলে।

ষ্ট্ৰেচিং হৈছে আন এক গুৰুত্বপূৰ্ণ দিশ যিটোক প্ৰায়ে আওকাণ কৰা হয়। আঁঠুৰ চাৰিওফালৰ মাংসপেশীবোৰৰ নমনীয়তা (flexibility) বজাই ৰাখিলে লৰচৰ কৰাৰ ক্ষমতা বা পৰিসৰ বৃদ্ধি পায় আৰু আঘাতৰ আশংকা হ্ৰাস হয়। ডাঃ ৱাজেনে শাৰীৰিক কাৰ্যকলাপ বা ব্যায়াম কৰাৰ আগত আৰু পিছত—দুয়োটা সময়তে ষ্ট্ৰেচিং অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ প্ৰদান কৰে।

উল্লেখ্য যে, আঁঠুৰ গাঁঠিটো সুস্থিৰ কৰি ৰখাত কোৱাড্ৰিচেপচ পেশীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দুৰ্বল কোৱাড্ৰিচেপচ পেশীৰ বাবে আঁঠুৰ অস্থিৰতা আৰু অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ, ষ্ট্ৰেইট লেগ ৰেইজ কৰাৰ পৰামৰ্শ দিয়া হয়, যিয়ে কাৰ্যকৰীভাৱে কোৱাড্ৰিচেপচ, হিপ ফ্লেক্সৰ্চ আৰু কোৰ পেশীক লক্ষ্য কৰে। ইয়াৰ উপৰিও, ভৰিৰ সৰু গাঁঠিৰ পিছফালৰ পেশী বা কাফ মাছলচ শক্তিশালী কৰিলে আঁঠুৰ বাবে উন্নত সহায় পোৱা যায়, আঘাতৰ আশংকা হ্ৰাস পায় আৰু শৰীৰৰ ভাৰসাম্য উন্নত হয়।

শেহতীয়া অধ্যয়নসমূহে এই ফলাফলবোৰক অধিক দৃঢ় কৰি তুলিছে যে আঁঠুৰ বিষৰ সম্পৰ্ক কেৱল বয়সৰ সৈতেই নহয়, বৰঞ্চ ই শাৰীৰিক সক্ৰিয়তাৰ মাত্ৰাৰ সৈতেহে ওপৰা-উপৰিকৈ জড়িত। 'ফ্ৰন্টিয়াৰ্ছ ইন পাব্লিক হেল্থ' নামৰ পত্ৰিকাত প্ৰকাশিত এক বিস্তৃত বিশ্লেষণত ২৪,০০০ তকৈও অধিক ব্যক্তিৰ ওপৰত জৰীপ চলোৱা হৈছিল; য'ত এই সিদ্ধান্তত উপনীত হোৱা গৈছে যে অধিক সময় বহি থকা বা নিষ্ক্ৰিয় জীৱনশৈলীৰ বাবে অষ্টিঅ’আৰ্থ্ৰাইটিছ বা বাতবিষৰ প্ৰকোপ বৃদ্ধি পায়, বিশেষকৈ আঁঠুত।

বয়স বৃদ্ধি সম্পৰ্কীয় ধাৰণাটো যিদৰে সলনি হৈছে, তাৰ পৰা স্পষ্ট হৈ পৰিছে যে, আঁঠুৰ সুস্থতাৰ ক্ষেত্ৰত নিয়মীয়া ব্যায়াম আৰু শক্তি প্ৰশিক্ষণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই কথাই বয়সস্থ লোকসকলে বিষৰ পৰা বাচিবলৈ নিজৰ শাৰীৰিক কাম-কাজ সীমিত কৰিব লাগে বুলি থকা ভুল ধাৰণাটোক ভুল প্ৰমাণিত কৰে।

সংক্ষেপে ক’বলৈ গ’লে, এই পৰামৰ্শ দিয়া ব্যায়ামসমূহ অন্তৰ্ভুক্ত কৰি এক সক্ৰিয় জীৱনশৈলী গ্ৰহণ কৰিলে কেৱল আঁঠুৰ শক্তিয়েই বৃদ্ধি নহয়, লগতে বয়স বৃদ্ধিৰ লগে লগে অধিক স্বতন্ত্ৰতা আৰু জীৱনৰ মানদণ্ডও উন্নত হয়।
##Manage #womenage #bigupdate #newsupdate #tigershroff #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।