নিউজ ডেস্ক :কৰ্কট ৰোগীৰ বাবে ভল খবৰ । দেশত ১৩৭ বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম ৭০ শতাংশলৈকে হ্ৰাস কৰিব চৰকাৰে ।এই কথা উল্লেখ কৰিছে কেন্দ্ৰীয় চৰাকৰে । চিকিৎসা সেৱা অধিক সুলভ কৰাৰ লক্ষ্যৰে মূল্য নিয়ন্ত্ৰণৰ পৰিসৰ বৃদ্ধি কৰা এই ঔষধসমূহৰ ব্যৱসায়িক লাভৰ অংশ (ট্ৰেড মাৰ্জিন) সৰ্বোচ্চ খুচুৰা মূল্যৰ (MRP) ৩০ শতাংশলৈ সীমিত কৰা হ’ব।
এই ঔষধসমূহৰ ভিতৰত ২০ প্ৰকাৰতকৈও অধিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ইমিউন’থেৰাপীৰ ঔষধৰ লগতে স্তন, প্ৰষ্টেট, মলাশয় (ক’লন), ডিম্বাশয় (অ’ভেৰিয়ান) আৰু জৰায়ুৰ মুখৰ (চাৰ্ভাইকেল) কৰ্কট ৰোগৰ ঔষধ অন্তৰ্ভুক্ত আছে, যিবোৰ অহা ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। এই শেহতীয়া সিদ্ধান্তটো ২০১৯ চনত ৪২ বিধ কৰ্কট প্ৰতিৰোধী ঔষধৰ ওপৰত আৰোপ কৰা মূল্য নিয়ন্ত্ৰণৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে, যিয়ে ঔষধৰ মূল্য ৯০ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছিল।
কেন্দ্ৰীয় চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াই কয়, "এই পদক্ষেপৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ চিকিৎসাক অধিক সুলভ কৰা আৰু কৰ্কট প্ৰতিৰোধী ঔষধৰ উপলব্ধতা উন্নত কৰা।" এই পদক্ষেপৰ ফলত কৰ্কট প্ৰতিৰোধী ঔষধসমূহৰ বৰ্তমানৰ মূল্য গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বোচ্চ খুচুৰা মূল্য ৭০% পৰ্যন্ত হ্ৰাস পাব বুলি আশা কৰা হৈছে।
কমিটীয়ে পৰামৰ্শ দিয়া ঔষধসমূহ বিবেচনা কৰি, ড্ৰাগছ (প্ৰাইচ কন্ট্ৰ’ল) অৰ্ডাৰ (DPCO), ২০১৩-ৰ ১৯ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি (NPPA)-য়ে ব্যৱসায়িক লাভৰ অংশ (ট্ৰেড মাৰ্জিন) সৰ্বোচ্চ খুচুৰা মূল্যৰ (MRP) ৩০% ত সীমাবদ্ধ কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।