Friday, 20 November 2026
লগইন

ভয়ানক ৰূপত কোভিড-১৯ৰ এক নতুন প্ৰকাৰ ভেৰিয়েণ্ট, সাৱধান

আকৌ আহিছে কোভিড-১৯

নিউজ ডেস্ক : ২০২৬ চনৰ মে’ মাহত কানাডাত প্ৰথম ধৰা পৰা কোভিড-১৯ৰ এক নতুন প্ৰকাৰ ভেৰিয়েণ্ট ‘PJ.2.1 । বৰ্তমান কেইবাখনো দেশত দ্ৰুতগতিত বিয়পি পৰিছে । গৱেষকসকলে জানিব পাৰিছে যে এই নতুন প্ৰকাৰটোৰ মানৱ কোষসমূহক সংক্ৰমিত কৰাৰ ক্ষমতা অধিক হ’ব পাৰে। আনকি যিবোৰ কোষত 'ACE2 ৰিচেপ্টৰ'ৰ স্তৰ কম থাকে, সেইবোৰকো ই সহজে আক্ৰমণ কৰিব পাৰে।

 অৱশ্যে, প্ৰাৰম্ভিক পৰীক্ষাগাৰৰ ফলাফলে ইংগিত দিয়ে যে বৰ্তমানৰ কোভিড-১৯ ভেকচিনসমূহৰ দ্বাৰা উৎপাদিত এণ্টিবডীসমূহক ই বিশেষভাৱে পৰাস্ত কৰিব নোৱাৰে। ভাইৰাছটোৰ এনে বিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ চলাই থকাটো অতি প্ৰয়োজনীয় বুলি গৱেষণাত উল্লেখ কৰা হৈছে।
‘জাৰ্নেল অফ ইনফেকচন’ত (Journal of Infection) প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ ২ মে’ত কানাডাৰ অণ্টাৰিঅ’ত এই প্ৰকাৰটো প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল। তেতিয়াৰে পৰা ই আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু এছিয়াৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। 

গৱেষকসকলে জনোৱা মতে, নৰ্দমাৰ পানী পৰীক্ষাৰ তথ্যই (wastewater surveillance data) দেখুৱাইছে যে বিশ্লেষণৰ সময়ছোৱাত PJ.2.1 আমেৰিকাত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা কোভিড-১৯ প্ৰকাৰ আছিল।
আমেৰিকাত ৩০ জুনত নিউয়ৰ্ক চহৰৰ এজন ৰোগীৰ দেহত এই প্ৰকাৰটো প্ৰথম ধৰা পৰিছিল। ইয়াৰ পিছতে কেলিফৰ্ণিয়া, এৰিজোনা, নিউ জাৰ্চি, ভাৰ্জিনিয়া, নৰ্থ কেৰোলিনা, মিছৌৰী, অকলাহোমা, কলোৰাডো আৰু ফ্ল’ৰিডাত ইয়াৰ সংক্ৰমণৰ খবৰ পোৱা গৈছে। 

ইয়াৰ উপৰিও ছিংগাপুৰ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইজৰাইল, ফ্ৰান্স আৰু স্পেইনতো এই ভাইৰাছ চিনাক্ত কৰা হৈছে। স্পেইনত গৱেষকসকলে স্থানীয়ভাৱে ইয়াৰ সংক্ৰমণ শৃংখলৰ প্ৰমাণ লাভ কৰিছে, য’ত কেটালুনিয়া (Catalunya), বাস্ক কান্ট্ৰী (Basque Country) আৰু কমিউনিটি অফ মাদ্ৰিদত (Community of Madrid) ৰোগী চিনাক্ত হৈছে।

বৰ্তমান প্ৰচলিত আন কোভিড-১৯ প্ৰকাৰসমূহৰ লগতে PJ.2.1 ৰ বিস্তাৰ আৰু জৈৱিক বৈশিষ্ট্যসমূহ পৰীক্ষা কৰা এক প্ৰাৰম্ভিক অধ্যয়নৰ পৰা এই তথ্যসমূহ পোহৰলৈ আহিছে। গৱেষকসকলে লগতে শেহতীয়া কোভিড-১৯ ভেকচিন গ্ৰহণ কৰা লোকসকলৰ দেহত থকা এণ্টিবডীয়ে এই নতুন প্ৰকাৰটোক কিমান কাৰ্যকৰীভাৱে নিষ্ক্ৰিয় কৰিব পাৰে, তাৰো মূল্যায়ন কৰিছে।
##bigupdate #newsupdate #health #covid19 #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।