Saturday, 21 November 2026
লগইন

ৰাজস্থানৰ ৰে'লৱে ট্ৰেক বিস্ফোৰণৰ গোচৰত দুজনক গ্ৰেপ্তাৰ, ISIৰে জড়িত সন্দেহ

ৰে'লৱে ট্ৰেক বিস্ফোৰণৰ গোচৰত দুজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক : ৰাজস্থানৰ শ্ৰীগংগানগৰ ৰে'লৱে ট্ৰেক বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ হোৱা দুজন ব্যক্তিক । ইয়াৰে এগৰাকী মহিলাও আছে । গ্ৰেপ্তাৰ কৰা কেইজন ২১ বছৰীয়া মেহকদীপ কৌৰ আৰু ২২ বছৰীয়া দবিন্দৰ সিং বুলি চিনাক্ত কৰা হৈএছ ।

অভিযুক্ত দুজনক ৰাজস্থান সন্ত্ৰাসবাদ বিৰোধী গোট (এটিএছ), শ্ৰী গংগানগৰ আৰক্ষী আৰু পঞ্জাৱ আৰক্ষীৰ এক যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হয় ।

আৰক্ষীয়ে জনোৱা মতে, কৌৰ পাকিস্তানত থকা দুজন হেণ্ডলাৰৰ সৈতে যোগাযোগত আছিল । হেণ্ডলাৰ দুজনৰ এজনক 'চাচা' আৰু আনজনক 'শ্বাহ' বুলি জনা গৈছিল। তেওঁলোকে প্ৰেমমূলক বাৰ্তালাপ আৰু ধনৰ প্ৰলোভনেৰে মহিলাগৰাকীক ফান্দত পেলাইছিল ।


 আৰক্ষীৰ মতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই-ৰ (ISI) ক্ষেত্ৰত এই প্ৰৱণতা সঘনাই দেখা গৈছে। আৰক্ষীয়ে ইয়াৰ পূৰ্বেও কৈছিল যে আই এছ আই-য়ে গংগানগৰৰ বাসিন্দা ববিতা নামৰ এগৰাকী মহিলাক ফান্দত পেলাবলৈ একেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিছিল।


কৌৰ তেওঁৰ স্বামীৰ পৰা পৃথকে বাস কৰি আছিল, যি বৰ্তমান ড্ৰাগছ সৰবৰাহৰ গোচৰত কাৰাগাৰত বন্দী হৈ আছে। তদন্তত প্ৰকাশ পাইছে যে ৰে'লৱে ট্ৰেকত বিস্ফোৰণ ঘটাবলৈ তেওঁ ধন লাভ কৰিছিল। আৰক্ষীয়ে তেওঁৰ পৰা দুটা অস্ত্ৰ, ৪৬ জাঁই গুলী আৰু ৩০,০০০ টকাও জব্দ কৰিছে।

আৰক্ষীয়ে আন তিনিজন লোককো জিম্মাত লৈছে। অভিযুক্তসকলক থকাৰ ব্যৱস্থা, এখন মটৰ চাইকেল আৰু অপৰাধস্থলীলৈ যোৱাৰ বাবে বাহন যোগান ধৰি সহায় কৰাৰ সন্দেহত তেওঁলোকক আটক কৰা হৈছে। 

৩ নৱেম্বৰৰ নিশা প্ৰায় ৯:৪৫ বজাত ৰাজস্থানৰ শ্ৰী গংগানগৰৰ ৰামসিংপুৰৰ ওচৰৰ এটা ৰে'লৱে ট্ৰেকত এই বিস্ফোৰণটো সংঘটিত হৈছিল। ইয়াৰ ফলত দুটা ৰে'লৱে শ্লীপাৰ চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ট্ৰেকটো ক্ষতিগ্ৰস্ত হয় আৰু প্ৰায় ২.৫ ফুট দ এটা গাঁতৰ সৃষ্টি হৈছিল ।
##bigupdate #newsupdate #rajasthan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।