নিউজ ডেস্ক: ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ মুখথেকেচা । ৩৭খন জিলা পৰিষদৰ আসনৰ ভিতৰত ২৭খন আসনত কংগ্ৰেছে দখল কৰে । আনহাতে বিজেপিয়ে পাঁচখন আসনত জয়লাভ কৰিছে আৰু ছয়খনত আগবাঢ়ি আছে । আনহাতে আৰএলপিয়ে মাত্ৰ (RLP) নাগৌৰত জয়লাভ কৰিছে।
বাৰমেৰৰ বালোত্ৰাত জিলাত কংগ্ৰেছ আৰু বিজেপিয়ে ১২খনকৈ আসন লাভ কৰাৰ বিপৰীতে সাতখন আসনেৰে আৰএলপি 'কিংমেকাৰ' (নিৰ্ণায়ক শক্তি) হিচাপে পৰিগণিত হৈছে। ডুংগৰপুৰত কংগ্ৰেছ আৰু ভাৰত আদিবাসী পাৰ্টিয়ে (BAP) ১৪খনকৈ আসন লাভ কৰিছে আৰু ৯খন আসনৰ সৈতে বিজেপি এক নিৰ্ণায়ক অৱস্থানত আছে ।
একেদৰে খাইৰথাল-তিজাৰাত কংগ্ৰেছ আৰু বিজেপিয়ে ১০খনকৈ আসন লাভ কৰি সমস্থিতিত আছে । যাৰ ফলত স্থানীয় নিকায় গঠনত নিৰ্দলীয় প্ৰাৰ্থীসকল গুৰুত্বপূৰ্ণ হৈ পৰিছে ।
বৰ্তমানলৈকে ৪১৯খন পঞ্চায়ত সমিতিৰ ফলাফল ঘোষণা কৰা হৈছে। কংগ্ৰেছে ২৭৫খন পঞ্চায়ত সমিতিত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৬৩খনত জয়লাভ কৰিছে। ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টি (RLP), বিএপি (BAP) আৰু চিপিআই(এম)-কে ধৰি সৰু দলসমূহে একেলগে ৬৪খন পঞ্চায়ত সমিতিত জয়লাভ কৰিছে। আনহাতে, ১৭খন পঞ্চায়ত সমিতিত কোনো দলেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।