Saturday, 21 November 2026
লগইন
ব্ৰেকিং

সুৰা সেৱন কৰি ১৫জন লোকৰ মৃত্যু, চিকিৎসালয়ত প্ৰায় ১৮১ জনক ভৰ্তি

মৃত্যুৰ উপত্যকাত পৰিণত মণিপুৰ

নিউজ ডেস্ক: মণিপুৰৰ চান্দেল জিলাত অবৈধ বিষাক্ত সুৰাপান কৰাৰ ফলত বিগত ৪৮ ঘণ্টাত ১৫ জন লোকৰ মৃত্যু হৈছে । ইফালে ইম্ফলৰ দুখন চিকিৎসালয়ত প্ৰায় ১৮১ জন লোক চিকিৎসাধীন হৈ আছে । ইম্ফলৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ নিলগৰ জিলাখনৰ চাকপিকাৰং (Chakpikarong) অঞ্চলত এই ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।

মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিঙে শুকুৰবাৰে সন্ধিয়া চিকিৎসালয় দুখন পৰিদৰ্শন কৰি অসুস্থ সকলৰ স্বাস্থ্যৰ বুজ লয় । চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ তথ্য দি সিঙে কয় যে লামফেলপাটৰ শ্বিজা হাস্পতালত (Shija Hospital) ১৪০ জন আৰু সাজিৱাৰ বাবিনা হাস্পতালত (Babina Hospital) ৪১ জন ৰোগী ভৰ্তি হৈ আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰু চিকিৎসালয় কৰ্তৃপক্ষক ৰোগীসকলক সৰ্বোত্তম চিকিৎসা সেৱা তথা সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে।

চান্দেলৰ উপায়ুক্তই এক ৰাজহুৱা স্বাস্থ্য পৰামৰ্শাৱলী জাৰি কৰি জনাইছে যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও চিকিৎসা আৰু বৈজ্ঞানিকভাৱে নিশ্চিত হোৱা নাই । চান্দেলৰ আৰক্ষী অধীক্ষকে স্পষ্ট কৰি দিছে যে ভুক্তভোগীসকলে পান কৰা বুলি কোৱা সুৰাখিনি কাকচিং জিলাৰ চুগনুৰ (Sugnu) পৰা অনা হৈছিল আৰু চান্দেলত ইয়াক প্ৰস্তুত বা নিৰ্মাণ কৰা হোৱা নাছিল। আৰক্ষীয়ে লগতে জনায় যে জিলাখনত পৰম্পৰাগত সুৰা স্থানীয়ভাৱে প্ৰস্তুত বা নিৰ্মাণ কৰাৰ কোনো তথ্য নাই।
##Manipur #ManipurLiquorTragedy #LiquorTragedy Manipur

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।