Saturday, 21 November 2026
লগইন
ব্ৰেকিং

ভাৰতৰ সাতখন ৰাজ্যৰ ১০,০০০ অস্থায়ী বনৰক্ষীৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰিন্স অৱ ৱেলছৰ

১০,০০০ অস্থায়ী বনৰক্ষীৰ বাবে বিশেষ আঁচনি

নিউজ ডেস্ক : ভাৰত ভ্ৰমণৰ এক স্থায়ী স্মৃতিচিহ্ন হিচাপে প্ৰিন্স অৱ ৱেলছ, প্ৰিন্স উইলিয়ামে ‘দ্য ৰয়েল ফাউণ্ডেশ্যন’ৰ ‘ইউনাইটেড ফৰ ৱাইল্ডলাইফ’ৰ সহযোগত শুকুৰবাৰে অসমসহ ভাৰতৰ সাতখন ৰাজ্যৰ ১০,০০০ অস্থায়ী বনৰক্ষীৰ বাবে এক অগ্ৰণী পাঁচ বছৰীয়া বীমা আঁচনি ঘোষণা কৰে ।

এক বিবৃতিত কোৱা হৈছে যে ২০২৬ চনৰ ডিচেম্বৰ মাহৰ পৰা মধ্যপ্ৰদেশ, কৰ্ণাটক, অসম, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, কেৰালা আৰু ৰাজস্থানৰ ১০,০০০ অস্থায়ী বনৰক্ষীয়ে এই আঁচনিৰ অধীনত বিশেষ সুৰক্ষা লাভ কৰিব । যিয়ে তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালক অধিক নিৰাপত্তা প্ৰদান কৰাত সহায় কৰিব।

এই পদক্ষেপে ব্যক্তিগত দুৰ্ঘটনা বীমা প্ৰদান কৰিব, যিয়ে বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ কাম কৰি থকা অৱস্থাত মৃত্যু বা গুৰুতৰভাৱে আহত হ'লে বনৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক সংকটৰ পৰা ৰক্ষা কৰাত সহায় কৰিব। এই আঁচনিখন এছিয়াৰ অন্যতম বৃহৎ বিশেষ বনৰক্ষী বীমা কাৰ্যসূচী।

ভাৰত ভ্ৰমণ সামৰি এই পদক্ষেপ ঘোষণা কৰি প্ৰিন্স উইলিয়ামে কয়, “দিন-ৰাতি একাকাৰ কৰি ভাৰতৰ বন্যপ্ৰাণী বনৰক্ষীসকলে এই অমূল্য বন্যপ্ৰাণীসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিক সুৰক্ষিত কৰাৰ সেৱাত তেওঁলোকে দুৰ্গম অৰণ্যত পহৰা দিয়ে, কঠিন পৰিস্থিতি সহ্য কৰে আৰু গুৰুতৰ বিপদৰ সন্মুখীন হয়।”

এই পদক্ষেপে বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত কৰ্মীসকলৰ এক অত্যন্ত জৰুৰী প্ৰয়োজন পূৰণ কৰিছে। সমগ্ৰ ভাৰততে কেইবা হাজাৰ অস্থায়ী বনৰক্ষীয়ে চৰকাৰী কৰ্মচাৰীসকলৰ সৈতে একেলগে কাম কৰি সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ আশে-পাশে একেধৰণৰ দায়িত্ব পালন কৰে।

সাধাৰণতে দৈনিক মজুৰি ভিত্তিক বন প্ৰহৰী হিচাপে নিযুক্ত হোৱা এই অস্থায়ী বনৰক্ষীসকলে স্থায়ী কৰ্মচাৰীসকলে লাভ কৰা চৰকাৰী বীমা আঁচনিৰ সুবিধা নাপায়। কৰ্তব্যৰত অৱস্থাত কোনো বনৰক্ষী আহত হ'লে বা নিহত হ'লে তেওঁৰ পৰিয়ালটো উপাৰ্জনহীন আৰু কোনো ক্ষতিপূৰণ নোহোৱাকৈ অসহায় হৈ পৰিব পাৰে।
##Prince William #forest personnel #assam #india

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।