Saturday, 21 November 2026
লগইন

বটছোৱানাৰ পৰা অনা চিতাই জন্ম দিলে চাৰিটা পোৱালিৰ! চিতাৰ সংখ্যা ৬২লৈ বৃদ্ধি

চাৰিটাকৈ চিতা পোৱালিৰ জন্ম

নিউজ ডেস্ক : যোৱা ফেব্ৰুৱাৰী মাহত আফ্ৰিকাৰ বটছোৱানাৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল এজনী মাইকী চিতা। এইবাৰ সেই চিতাজনীয়ে জন্ম দিলে চাৰিটা পোৱালিৰ। ইয়াৰ পিছতে ভাৰতত চিতাৰ সংখ্যা বৃদ্ধি পাই ৬২টা হ’ল। ইয়াৰে ৪৩টা চিতাৰ জন্ম হৈছে ভাৰততে। 

প্ৰায় চাৰি মাহ পূৰ্বে ঘেৰাটোপৰ পৰা মুকলি অৰণ্যলৈ এৰি দিয়া হৈছিল KMG 3 নামৰ চিতাজনীক। কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক উত্তম কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে, চিতাজনীৰ চাৰিওটা পোৱালি সুস্থ অৱস্থাত আছে।

উল্লেখ্য যে, এই প্ৰকল্পৰ অন্যতম প্ৰধান লক্ষ্য আছিল, চিতাবোৰে যাতে মুকলি অৰণ্যৰ পৰিৱেশত নিজাববীয়াকৈ জীয়াই থাকিব পাৰে আৰু বংশবৃদ্ধি কৰিব পাৰে। এইবাৰ সেই লক্ষ্যৰ দিশত কিছু পৰিমাণে সফলতা লাভ কৰা হৈছে।

তেওঁ লগতে জনায় যে, বিদেশৰ পৰা অনা চিতাবোৰে ক্ৰমাৎ ভাৰতৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ সক্ষম হৈছে। শেহতীয়াকৈ চাৰিটা পোৱালিৰ জন্মৰ ঘটনাই এই কথা পুনৰ প্ৰমাণ কৰিলে।

১৯৫২ চনত ভাৰতত চিতা বিলুপ্ত হোৱা বুলি ঘোষণা কৰা হৈছিল। ইয়াৰ পিছত ২০২২ চনৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা আঠটা চিতা ভাৰতলৈ অনা হৈছিল। তেতিয়াৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও চিতা পোৱালিৰ জন্ম হৈছে। অৱশ্যে, সেই সকলোবোৰৰ জন্ম হৈছিল ঘেৰাটোপৰ ভিতৰত। এইবাৰ দ্বিতীয়বাৰৰ বাবে মুকলি অৰণ্যত চিতাই পোৱালিৰ জন্ম দিলে।

তথ্য অনুসৰি, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা আঠটা চিতা ভাৰতলৈ অনা হৈছিল। কুনো ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যত সেই চিতাকেইটাৰ বাবে নিৰ্মিত ঘেৰাটোপৰ দুৱাৰ মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা ভাৰতলৈ অনা হৈছিল।

পৰৱৰ্তী সময়ত এই চিতাবোৰে ১২টা পোৱালিৰ জন্ম দিছিল। অৱশ্যে, পৰৱৰ্তী সময়ছোৱাত কেইবাটাও পূৰ্ণবয়স্ক চিতা আৰু পোৱালিৰ মৃত্যু হয়।

ফলস্বৰূপে ভাৰতৰ মাটিত আফ্ৰিকাৰ চিতাবোৰৰ জীয়াই থকাৰ সক্ষমতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ মৃত্যু ৰোধ কৰিবলৈ ব্ৰিটেইন আৰু আমেৰিকাৰ কেইবাগৰাকীও বন্যপ্ৰাণী বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। তেওঁলোকে জনাইছিল যে উত্তৰ আফ্ৰিকাৰ পৰা চিতা অনা হ’লে ভাৰতৰ জলবায়ুৰ সৈতে অধিক উপযুক্ত হ’লহেঁতেন।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বটছোৱানাৰ পৰা নটা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। ইয়াৰ ভিতৰত ছটা মাইকী আৰু তিনিটা মতা চিতা আছিল। চিতাৰ জিনীয় বৈচিত্ৰ্য বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

যোৱা অক্টোবৰ মাহত ভাৰততে জন্মগ্ৰহণ কৰা ৩২ মহীয়া এজনী মাইকী চিতাই পাঁচটা পোৱালিৰ জন্ম দিছিল। বটছোৱানাৰ পৰা অনা এটা মতা চিতাৰ সৈতে সংগমৰ পিছতে চিতাজনীয়ে পোৱালিকেইটাৰ জন্ম দিছিল। এইবাৰ বটছোৱানাৰ পৰা অনা এজনী মাইকী চিতাইও পোৱালিৰ জন্ম দিলে।
##India #cheetahpopulation #Indiacheetahpopulation

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।