আৰক্ষীয়ে জনোৱা মতে, সমীৰ নামৰ লোকজনো গ্ৰেপ্তাৰ কৰিছে । সন্দেহযুক্ত ব্যক্তিজনে লৰেন্স বিষ্ণৈ গেঙৰ কেলিফৰ্ণিয়া নিবাসী অনিল পণ্ডিতৰ সৈতে সম্পৰ্ক আছে বুলি জানিব পৰা গৈছে ।
তদন্তকাৰীসকলে দাবী কৰিছে যে তিনিজন অভিযুক্তৰ ভিতৰত এজন, ৰেহান ওৰফে সুক্কাক ৩৫,০০০ টকা আৰু বিদেশত সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । ৰেহানৰ বিৰুদ্ধে পূৰ্বতেও আৰ্মছ এক্ট আৰু চুৰিৰ গোচৰ পঞ্জীয়ন হৈ থকা বুলি জানিব পৰা গৈছে ।
তিনিওজন অভিযুক্তই প্ৰায় এমাহ ধৰি মুম্বাইত বাহৰ পাতি আছিল । এই সময়ছোৱাত তেওঁলোকক হৃত্বিক কুমাৰৰ সৈতে চিনাকি কৰাই দিয়া হৈছিল, যি চহৰখনৰ ৰাস্তা-ঘাটৰ সৈতে পৰিচিত আছিল । কুমাৰকো বিদেশত ভাল চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰলোভিত কৰা হৈছিল বুলি জানিব পৰা গৈছে।
তদন্তকাৰী বিষয়াসকলৰ মতে, পণ্ডিতে তিনিওজনৰ খৰচ যোগান ধৰিবলৈ বিদেশৰ পৰা অনলাইনযোগে ধন পঠিয়াইছিল আৰু তেওঁলোকে সেই ধন এখন দোকানৰ পৰা সংগ্ৰহ কৰিছিল ।
আৰক্ষীয়ে সন্দেহ কৰিছে যে তিনিওজনকে 'জাগ্গী' (Jaggi) নামৰ এটা এপৰ জৰিয়তে নিৰ্দেশনা দিয়া হৈছিল, যিয়ে ব্যৱহাৰকাৰীৰ পৰিচয় নোহোৱাকৈয়ে বাৰ্তালাপ কৰাৰ অনুমতি দিছিল ।
গুলীচালনাত ব্যৱহৃত অস্ত্ৰৰ সন্দৰ্ভত আৰক্ষীয়ে কয়, অভিযুক্তসকলৰ হাতত তুলি দিয়া হোৱা নাছিল । বৰঞ্চ তেওঁলোকে এটা বাৰ্তা লাভ কৰিছিল য'ত জনোৱা হৈছিল যে এক নিৰ্দিষ্ট স্থানত থকা জাবৰৰ বাকচৰ ওচৰত বন্দুককেইটা এৰি থৈ যোৱা হৈছে । তদন্তকাৰীসকলে সন্দেহ কৰিছে যে ইয়াত আন লোকো জড়িত আছে আৰু বৰ্তমান তেওঁলোকক চিনাক্ত কৰাৰ বাবে কাম কৰি থকা হৈছে।
প্ৰতিবেদন অনুসৰি, গুলীচালনাৰ ঘটনাৰ পূৰ্বে ৰেহান আৰু ফুল সিঙে অমৃতসৰত এজন ব্যৱসায়ীক লক্ষ্য কৰি গুলীচালনা কৰাৰ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকৰ পিষ্টলটোৰ পৰা গুলী ওলোৱা নাছিল ।
এখন সংবাদমেল সম্বোধন কৰি ডিচিপি ৰাজ তিলক ৰৌশনে কয় যে এজন অভিযুক্তৰ বয়স ১৮ বছৰ আৰু আন দুজনৰ বয়স ২২ বছৰ। "দুজন অভিযুক্ত হাৰিয়ানাৰ আৰু এজন বিহাৰৰ। গ্ৰেপ্তাৰ কৰা তিনিজন আক্ৰমণকাৰীৰ ভিতৰত দুজনে টাইগাৰ শ্ৰফৰ গাড়ীলৈ ৫ৰ পৰা ৬ ৰাউণ্ড গুলী কৰিছিল ।”

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।