নিউজ ডেস্ক : উত্তৰ প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পাঁচজনৰ মৃত্যু, কমেও ১৭ জন আহত। সীতাপুৰ জিলাত এই ঘটনাটো সংঘটিত হৈছে। শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত হিম্মতনগৰ গাঁৱৰ ওচৰত এখন ট্ৰেক্টৰ-ট্ৰলীৰ সৈতে এখন ট্ৰাকৰ সংঘৰ্ষ হয়। শনিবাৰে এগৰাকী আৰক্ষী বিষয়াই এই কথা সদৰী কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, বৰগৱাঁ গাঁৱৰ কেইজনমান বাসিন্দাই এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত হৰদোই জিলাৰ পৰা ঘৰলৈ উভতি আহি আছিল। বেআইনী হ'লেও এখন ট্ৰেক্টৰ-ট্ৰলীত উঠিয়েই তেওঁলোকে গাঁৱলৈ বুলি ৰাওনা হৈছিল। বাটত এখন ট্ৰাকে সেই গাড়ীখনক পিছফালৰ পৰা খুন্দা মাৰে। ফলত ট্ৰেক্টৰ-ট্ৰলীখন বাগৰি পৰে আৰু কেইবাজনো যাত্ৰী গাড়ীখনৰ তলত আবদ্ধ হৈ পৰে। স্থানীয় লোকসকলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহে।
খবৰ পোৱাৰ লগে লগে পিচায়ান থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকৰ সহায়ত আহতসকলক উদ্ধাৰ কৰি পিচায়ান আৰু মাহোলিৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। চিকিৎসালয়তে পাঁচগৰাকী মহিলাৰ মৃত্যু হয়। চাৰিগৰাকীৰ পৰিচয় জানিব পৰা গৈছে— কাজল, সুশীলা, ৰুবি আৰু সুনীতা। এটা মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। সূত্ৰৰ খবৰ অনুসৰি, অন্ততঃ ১৭ জন লোক গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকক চিকিৎসাৰ বাবে সীতাপুৰলৈ পঠিওৱা হৈছে।
তথ্য অনুসৰি, আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকে পৰিস্থিতিৰ বুজ লয় আৰু আহতসকলৰ খবৰ কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। সাধাৰণ ৰাইজক অবৈধভাৱে মালবাহী বাহনত যাত্ৰা নকৰিবলৈ আহ্বান জনোৱা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।