আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, মৃত লোকজনৰ নাম প্ৰভুলাল গুপ্ত। তেওঁৰ বয়স আছিল ৬৫ বছৰ। পেছাত তেওঁ এজন ৰাজমিস্ত্ৰী আছিল। বিদিশাৰ গায়ত্ৰী নগৰৰ এটা ঘৰত ভাড়াতীয়া হিচাপে তেওঁ বাস কৰিছিল। শুক্ৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত এই দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।
প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, প্ৰভুলালে তিনিমহলীয়া ঘৰৰ বাৰাণ্ডাত থিয় হৈ মুখত গুটখা ভৰাইছিল। গুটখা চোবাই থাকোঁতেই তেওঁ বাৰাণ্ডাৰ পৰা থু পেলায়। গুটখা চোবোৱাৰ সময়ত তেওঁৰ মুখৰ পৰা ওলোৱা থু বিদ্যুতৰ ওপৰৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত তেওঁ গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। উদ্ধাৰ কৰি বৃদ্ধজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত ঘোষণা কৰে।
প্ৰভুলালৰ প্ৰকৃত ঘৰ ছত্তৰপুৰত। প্ৰায় দহ বছৰ ধৰি তেওঁ গায়ত্ৰী নগৰত ভাড়াঘৰত বাস কৰি আহিছিল।
এই দুৰ্ঘটনাৰ সন্দৰ্ভত বিশেষজ্ঞসকলে দাবী কৰে যে, কেতিয়াবা বিশেষ পৰিস্থিতিত এনে ঘটনা ঘটিব পাৰে। থু বা লালাত পানী আৰু দ্ৰৱীভূত লৱণ থকাৰ বাবে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ’ব পাৰে। যদি কোনো ব্যক্তিয়ে বাৰে বাৰে সক্ৰিয় বিদ্যুৎ পৰিবাহী তাঁৰত থু পেলাই থাকে, তেন্তে ইয়াৰ ফলত বিদ্যুৎ প্ৰবাহৰ বাবে এটা পৰিবাহী পথ সৃষ্টি হ’ব পাৰে। এই ক্ষেত্ৰতো তেনেকুৱাই ঘটিছে।
উপযুক্ত পৰিস্থিতিত বিদ্যুতৰ তাঁৰৰ পৰা বৈদ্যুতিক স্ফুলিংগ বা ইলেক্ট্ৰিকেল আৰ্ক সৃষ্টি হ’ব পাৰে। বাৰাণ্ডাখন যদি বিদ্যুৎ পৰিবাহী তাঁৰৰ যথেষ্ট ওচৰত থাকে, তেন্তে বায়ুৰ মাজেৰেও বিদ্যুৎ প্ৰবাহিত হ’ব পাৰে। ইয়াৰ ফলত শৰীৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হোৱাৰ পথ সৃষ্টি হ’লে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা আনকি মৃত্যুও হ’ব পাৰে।
আনহাতে, প্ৰভুলালৰ মৃত্যুৰ ঘটনাক লৈ অঞ্চলবাসীয়ে বিদ্যুৎ বিভাগৰ ফালে অভিযোগৰ আঙুলি টোৱাইছে। তেওঁলোকৰ অভিযোগ, বাৰে বাৰে জনোৱাৰ পিছতো জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ টনা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।