Monday, 23 November 2026
লগইন

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত একেটা পৰিয়ালৰ ৭জনৰ মৃত্যু, ৰক্তাক্ত ৰাষ্ট্ৰীয় ঘাইপথ

দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৭জনৰ মৃত্যু

নিউজ ডেস্ক : গুজৰাটৰ কচ্ছ জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । ভয়ংকৰ পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ জোৱানৰ পৰিয়ালৰ সাতগৰাকী সদস্যৰ মৃত্যু হৈছে । নিহতসকলৰ ভিতৰত তিনিটা শিশু আৰু তিনি মহীয়া এটি কেঁচুৱাও আছে। দেওবাৰে আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শনিবাৰে নিশা প্ৰায় ১০ বজাত কচ্ছৰ ৰাণ ভ্ৰমণ কৰি পৰিয়ালটোৱে ভুজলৈ উভতি গৈ থকাৰ সময়তে এখন তীব্ৰবেগী ট্ৰাকে তেওঁলোকৰ বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে ।

সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে বাহনখনত থকা সাতোগৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। ট্ৰাকৰ খুন্দাত বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে আৰু ভিতৰতে আৱদ্ধ হৈ পৰে যাত্ৰীসকল। উদ্ধাৰকাৰী দল উপস্থিত হৈ কেইবাঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত বিধ্বস্ত বাহনখনৰ ভিতৰৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নিহত আটাইকেইগৰাকী উত্তৰাখণ্ডৰ গড়ৱালৰ বাসিন্দা আছিল। তেওঁলোক ভুজত কৰ্মৰত ভাৰতীয় সেনাৰ জোৱানসকলৰ পৰিয়ালৰ সদস্য আছিল ।

আৰক্ষীয়ে জনোৱা অনুসৰি, নিহতসকল হৈছে সৌৰভ সিং নেগী (৩০), তেওঁৰ পত্নী সৱিতা (৩০) আৰু তেওঁলোকৰ তিনি মহীয়া কন্যা শিশু শিৱিকা। আনহাতে, ৰাজেশ সিং ৰাৱট (৩৫) আৰু তেওঁৰ সাত বছৰীয়া কন্যা ৰক্ষিতাৰো মৃত্যু হৈছে। দুৰ্ঘটনাটোত ৰিংকি গোছাই (৩০) আৰু তেওঁৰ চাৰি বছৰীয়া কন্যা ৱামিকাইও প্ৰাণ হেৰুৱায়।
##bigupdate #newsupdate #tragicaccident #gujrat #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।