Monday, 23 November 2026
লগইন
ব্ৰেকিং

AIয়ে চাকৰি খাব নোৱাৰে, চাকৰি শেষ বুলি কৰা চৰ্চা মিছা

AIয়ে চাকৰি খাব নোৱাৰে

নিউজ ডেস্ক : যি সময়ত কৃত্ৰিম বুদ্ধিমত্তাই বহুতৰ চাকৰি শেষ কৰিব বুলি চৰ্চা বা চাকৰি যোৱা শুনা গৈছে তেনে ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কে যথেষ্ট আলোচনা চলি আছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়,”যাৰ হাতত দক্ষতা আছে তেনে ব্যক্তিৰ জীৱিকা কোনেও কাঢ়ি নিব নোৱাৰে।” ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত পঞ্চম ৰাষ্ট্ৰীয় দক্ষতা সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আক্ৰমণকাৰীসকলে ভাৰতৰ পৰম্পৰাগত দক্ষতা আন্তঃগাঁথনি ধ্বংস কৰিছিল আৰু পৰম্পৰাগত কাৰুশিল্পক লক্ষ্য কৰি লৈছিল ।

কিন্তু এতিয়া সময় সলনি হৈছে আৰু ভাৰত বিশ্বৰ দক্ষতাৰ ৰাজধানী হোৱাৰ দিশে আগবাঢ়িছে বুলি তেওঁ উল্লেখ কৰে। সমবেত ৰাইজক উদ্দেশ্যি মোদীয়ে কয়, "যেতিয়া আক্ৰমণকাৰীসকল ভাৰতলৈ আহিছিল, তেওঁলোকৰ প্ৰথম আক্ৰমণ আছিল আমাৰ দক্ষতাৰ ওপৰত। তেওঁলোকে জানিছিল যে ভাৰতীয়সকলৰ কাৰুশিল্পই দেশখনক মহান আৰু সমৃদ্ধিশালী কৰি তুলিছে, সেয়েহে তেওঁলোকে শিল্পীসকলৰ বুঢ়া আঙুলি কাটি ইয়াক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল।"

তেওঁ লগতে কয়, "ব্ৰিটিছসকল অধিক চতুৰ আছিল। তেওঁলোকে নিজৰ পদ্ধতি সলনি কৰিছিল। (ব্ৰিটিছ ৰাজনীতিবিদ থমাছ বেবিংটন) মেকলেৱে এনে এক শিক্ষা ব্যৱস্থা জাপি দিছিল যিয়ে আমাৰ দক্ষতাভিত্তিক ব্যৱস্থাটোক কেৱল কেৰাণী তৈয়াৰ কৰা ব্যৱস্থালৈ অৱনমিত কৰিছিল।"
##bigupdate #newsupdate #narendramodi #articialintelligence #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।