Monday, 23 November 2026
লগইন
ব্ৰেকিং

কোটা-উদয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, ৯ জনৰ মৃত্যু

ভয়ংকৰ পথ দুৰ্ঘটনা ৯ জনৰ মৃত্যু

নিউজ ডেস্ক : শনিবাৰে কোটা-উদয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা । যাৰ ফলত শিশুসহ একেটা পৰিয়ালৰে ৯জন সদস্যৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হয় । নিশা প্ৰায় ২ বজাত শম্ভুপুৰা গাঁৱৰ সমীপত এখন দ্ৰুতবেগী বাহনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

মহাৰাষ্ট্ৰৰ একেটা পৰিয়ালৰে ১৫ জন সদস্য বাহনখনত আছিল আৰু তেওঁলোকে ৰাজস্থানৰ খাটু শ্যামজী দৰ্শন কৰি ঘৰলৈ উভতি আহিছিল। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, চালকজনৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত আছে ঊষা বাই, সুশীলা, কৈলাশ, সানভি, সজ্জন, অনিতা, বাবুলাল, জাহ্নৱী আৰু মাধৱী । আহত ৬ জন লোকক এম্বুলেন্সেৰে নিউ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।

 দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী অধীক্ষক (SP) তেজস্বিনী গৌতম ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে বাহনখনৰ ভিতৰত আৱদ্ধ হৈ থকাসকলক উদ্ধাৰ কৰাৰ লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

ভুক্তভোগীসকলক চিকিৎসা সেৱা আগবঢ়াবলৈ চিকিৎসালয়ত এটা চিকিৎসকৰ দলো নিয়োগ কৰা হৈছে। অতিৰিক্ত জিলা দণ্ডাধীশ (ADM-City)কে ধৰি আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে দুৰ্ঘটনাস্থলী আৰু চিকিৎসালয় দুয়োটা স্থানতে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
##CarAccident #Rajasthan #Kotaaccident #rajasthanaccident

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।