Thursday, 05 November 2026
লগইন
ব্ৰেকিং

পূজা মণ্ডপত পদপিষ্ট ঘটনাৰ বাবে ৭ জনক গ্ৰেপ্তাৰ, কিয় হৈছিল পদপিষ্টৰ ঘটনা ?

৭জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক : উত্তৰ কলকাতাৰ চোৰবাগান সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ দুৰ্গা পূজা মণ্ডপত সংঘটিত হোৱা পদপিষ্টৰ সন্দৰ্ভত দেওবাৰে কলকাতা আৰক্ষীয়ে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে । এই মৰ্মান্তিক ঘটনাত ১৯ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু আন ২৫ জন লোক আহত হৈছিল ।

কলকাতা আৰক্ষীৰ মতে, গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ ভিতৰত পূজা কমিটিৰ সম্পাদক ৰাজ কুমাৰ চেউদা ওৰফে ৰাজা (৪৮), উপ-সভাপতি শান্তনু ডুবে (৫৫), বাঁহৰ গাঁথনি নিৰ্মাণৰ কামত নিয়োজিত বিপ্লৱ মুখাৰ্জী ওৰফে জয় (৪৮), ভিআইপি পাছ পৰীক্ষা আৰু ভিৰ নিয়ন্ত্ৰণৰ সৈতে জড়িত কৌশিক সাহা (৫৩), ভিৰ নিয়ন্ত্ৰণৰ কামত নিয়োজিত পিন্টু দে (৫১), আৰু ব্যক্তিগত সুৰক্ষাৰ দায়িত্বত থকা সুমন চক্ৰৱৰ্তী (৩০) আৰু ৰাজেশ পাল (২৯) ।

কলকাতা আৰক্ষীয়ে এই ঘটনাৰ আয়োজক আৰু অন্যান্যসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS) ৰ ধাৰা ১০৫, ১১০ আৰু ৩(৫) ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে জনোৱা মতে, নিশা এই গোচৰ ৰুজু কৰা হৈছিল আৰু বৰ্তমান ১৪ জন লোকক আটক কৰি সোধ পোছা কৰা হৈছে ।

পশ্চিমবংগ চৰকাৰে প্ৰতিগৰাকী ভুক্তভোগী তথা মৃতকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ ক্ষতিপূৰণ আৰু এটা চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ঘটনাৰ তদন্তৰ বাবে বিশেষ টাস্ক ফ’ৰ্চ (STF)ক দায়িত্ব প্ৰদান কৰা হৈছে । ইফালে, ১৮ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈকে তিনিদিনৰ বাবে চহৰখনৰ একাংশ অঞ্চলত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ ৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে ।

কলকাতা আৰক্ষীৰ আয়ুক্ত অজয় নন্দই জাৰি কৰা এক নিৰ্দেশ অনুসৰি, এই নিষেধাজ্ঞা কলেজ ষ্ট্ৰীট, চিআৰ এভিনিউ, কলুটোলা ষ্ট্ৰীট আৰু ইডেন হস্পিতাল ৰোডেৰে পৰিবেষ্টিত বৌবজাৰ থানাৰ অন্তৰ্গত অঞ্চলসমূহত বলবৎ হ’ব । এই নিৰ্দেশনাই নিৰ্দিষ্ট অঞ্চলটোত পাঁচ বা ততোধিক ব্যক্তিৰ বেআইনী সমাৱেশ, লাঠী বা অন্যান্য বিপজ্জনক অস্ত্ৰ কঢ়িয়াই নিয়া আৰু শান্তি ভংগ কৰিব পৰা বা জনসাধাৰণৰ শান্তি বিঘ্নিত কৰিব পৰা যিকোনো কাৰ্য নিষিদ্ধ কৰিছে ।
##bigupdate #newsupdate #tragicincident #kolkata #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।