Saturday, 21 November 2026
লগইন
ব্ৰেকিং

একেলগে একেটা স্থানত জ্বলি উঠিল ২৩খনকৈ বাহন, ১৪ জনৰ মৃত্যু

জ্বলি উঠিল ২৩খনকৈ বাহন

নিউজ ডেস্ক : সংযুক্ত আৰব আমিৰাতৰ ফুজেইৰাহ আমিৰাতত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । একেলগে একেটাস্থানতে ২৩খন বাহনৰ মাজত সংঘটিত হয় এক দুৰ্ঘটনা । যাৰ ফলত ১৪ জন লোক নিহত হোৱাৰ লগতে আন ৩০ জন আহত হয়।

ঘটনা অনুসৰি, প্ৰথমে এখন ট্ৰাক দুৰ্ঘটনা হয় । তাৰ পাছতে ট্ৰাকখনত জুইৰ সুত্ৰপাত ঘটে, তাৰ পাছে ২২ খন বাহনলৈ জুই বিয়পি পৰে । ইফালে ট্ৰাক চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত জুইৰ সূত্ৰপাত হয় আৰু সেই জুই আন কেইবাখনো বাহনলৈ বিয়পি পৰে বুলি আৰক্ষীয়ে বৃহস্পতিবাৰে জনায়।

ইউ এ ইত থকা ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে যে নিহতসকলৰ ভিতৰত ভাৰতীয় নাগৰিকো আছে। দূতাবাসে লগতে কয় যে তেওঁলোকে "শোকসন্তপ্ত পৰিয়ালসমূহৰ" সৈতে যোগাযোগ কৰিছে আৰু সহায় তথা সহযোগিতা আগবঢ়াবলৈ স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে।

ফুজেইৰাহ আৰক্ষীয়ে জনোৱা মতে, মাজনিশাৰ ফুজেইৰাহৰ প্ৰৱেশদ্বাৰৰ সমীপৰ শ্বেখ খলিফা বিন জায়েদ ৰোডত এই দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰাকখনে প্ৰথমে আন এখন বাহনত খুন্দা মাৰে আৰু তাৰ পিছত বাগৰি পৰি "মন্থৰ গতিৰ যান-জঁটৰ" বাবে ৰৈ থকা কেইবাখনো বাহনত খুন্দিয়ায়।

ইউ এ ইৰ গৃহ মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে এই সংঘৰ্ষত পাঁচখন ট্ৰাকসহ মুঠ ২৩খন বাহন জড়িত আছিল। এই খুন্দাৰ ফলত ট্ৰাকখনত জুই লাগে আৰু সেই জুই আন কেইবাখনো বাহনলৈ বিয়পি পৰাৰ ফলত বহু লোকৰ প্ৰাণহানি হয়।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাটোত ৩০ জন লোক আহত হয় আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে ১৫ জনক চিকিৎসা প্ৰদানৰ পিছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে, আনহাতে বাকী ১৫ জন বৰ্তমানেও চিকিৎসাধীন হৈ আছে।
##vehiclescrash #UnitedArabEmirates #uae #Fujairah #india #accident

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।