Thursday, 05 November 2026
লগইন

অগ্নিবীৰৰ চাকৰিৰ ম্যাদ দুবছৰলৈ বৃদ্ধি। কেন্দ্ৰই গ্ৰহণ কৰিলে এই সিদ্ধান্ত

চাকৰিৰ ম্যাদ বৃদ্ধি!

নিউজ ডেস্ক : চাৰি বছৰৰ পৰিৱৰ্তে এইবাৰৰ পৰা ভাৰতীয় সেনাত ছয় বছৰৰ বাবে নিযুক্তি দিয়া হ’ব অগ্নিবীৰসকলক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ এই সিদ্ধান্তৰ কথা বুধবাৰে ঘোষণা কৰে প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী (CDS) জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে। তেওঁৰ দাবী, অগ্নিবীৰসকলৰ চাকৰিৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কৰাৰ ফলত কৰ্মদক্ষতাৰ ভিত্তিত নিৰ্বাচনৰ জৰিয়তে তেওঁলোকে স্থায়ীভাৱে সেনাবাহিনীত যোগদান কৰাৰ আন এক সুযোগ লাভ কৰিব।

অগ্নিপথ আঁচনিৰ অধীনত নিযুক্ত অগ্নিবীৰসকলৰ প্ৰথমটো বেটচৰ চাৰি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হ’বলৈ লোৱাৰ ঠিক পূৰ্বে তেওঁলোকক আৰু কিছুদিন কাম কৰাৰ সুযোগ প্ৰদান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনায় সেনাৰ সৰ্বাধিনায়কে। অৰ্থাৎ, চলিত বৰ্ষত অগ্নিবীৰসকলৰ যিটো বেটচৰ ৭৫ শতাংশই অৱসৰ লোৱাৰ কথা আছিল, তেওঁলোকে দুবছৰ পিছত পুনৰ এবাৰ নিজৰ কৰ্মদক্ষতা প্ৰমাণ কৰি স্থায়ীভাৱে সেনাবাহিনীত নিযুক্তি লাভৰ সুযোগ পাব।

কিন্তু এনে পদক্ষেপ কিয় গ্ৰহণ কৰা হ’ল? প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰৰ খবৰ অনুসৰি, যিকোনো বাহিনীতে দক্ষ আৰু অভিজ্ঞ জোৱানসকলৰ মাজত ভাৰসাম্য থকাটো প্ৰয়োজনীয়। ইয়াৰ সমান্তৰালকৈ, সামগ্ৰিকভাৱে সেনাবাহিনীৰ গড় বয়সো হ্ৰাস কৰাটো প্ৰয়োজন। এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই ‘অগ্নিপথ’ আঁচনিখনৰ পুনৰ মূল্যায়ন কৰা হৈছে।

তথ্য অনুসৰি, ২০২২ চনত দেশজুৰি বিতৰ্কৰ মাজতে ‘অগ্নিপথ’ আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। ঘোষণা কৰা হৈছিল যে, এই আঁচনিৰ জৰিয়তে ১৭ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলক চাৰি বছৰৰ বাবে সেনাবাহিনীত নিযুক্তি লাভৰ সুযোগ প্ৰদান কৰা হ’ব। 

চাৰি বছৰৰ পিছত কৰ্মদক্ষতাৰ ভিত্তিত নিৰ্বাচন কৰি ২৫ শতাংশ অগ্নিবীৰক সেনাবাহিনীত ৰখা হ’ব আৰু বাকীসকলক অৱসৰ দিয়া হ’ব। নিয়ম অনুসৰি, সেনাবাহিনীত থাকিবলৈ সুযোগ পোৱা ২৫ শতাংশ অগ্নিবীৰে আৰু ১১ বছৰ চাকৰি কৰিব পাৰিব। যোৱা তিনি বছৰত এই আঁচনিখনৰ সম্ভাৱ্য একাধিক পৰিৱৰ্তনক লৈ সংশ্লিষ্ট মহলত আলোচনা চলি আহিছে। অৱশেষত এইবাৰ পৰিৱৰ্তনৰ পথত খোজ দিলে কেন্দ্ৰীয় চৰকাৰে।

২০২২ চনত ‘অগ্নিবীৰ’ৰ প্ৰথমটো বেটচত ২৪,০০০ যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছিল। চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ ১৮,৩০০ জনৰ চাকৰিৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ কথা আছিল। নতুন অগ্নিবীৰ নীতিৰ ফলত তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল আৰু দুবছৰ বৃদ্ধি কৰা হ’ল। অৰ্থাৎ, ২০২৮ চনত তেওঁলোকৰ চাকৰিৰ ম্যাদ সম্পূৰ্ণ হ’ব।

জানিব পৰা মতে, বৰ্তমান স্থলসেনাত ২,৭০,০০০ জন অগ্নিবীৰ আছে। ইয়াৰ উপৰি বায়ুসেনাত ২৭,০০০ জন আৰু নৌসেনাত ২১,০০০ জন অগ্নিবীৰ কৰ্মৰত হৈ আছে। অগ্নিবীৰসকলৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্তৰ আঁৰত ২০২৫ চনৰ ‘অপাৰেচন সিন্দূৰ’ৰ সময়ছোৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেই সময়ত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত অগ্নিবীৰসকলৰ ভূমিকা আছিল উল্লেখনীয়। সেয়েহে তেওঁলোকৰ অভিজ্ঞতা, প্ৰশিক্ষণ আৰু কৰ্মদক্ষতা মূল্যায়ন কৰি সেনাবাহিনীত অগ্নিবীৰসকলৰ চাকৰিৰ কাৰ্যকাল আৰু বৃদ্ধি কৰা হ’ব পাৰে বুলি সেই সময়তে কেন্দ্ৰীয় চৰকাৰে ইংগিত দিছিল।
##bigupdate #newsupdate #agniveer #centralgovernment #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।