নিউজ ডেস্ক : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে SIRক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । দিল্লীৰ ৰামলীলা মৈদানত ৰাহুল গান্ধীৰ বৃহৎ সমাৱেশৰ পিছদিনা শ্বাহে কয়, "অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ প্ৰয়াস কৰিছে কংগ্ৰেছে ।”
ভোটাৰ তালিকাৰ পৰা ১৩ কোটি লোকৰ নাম কৰ্তন কৰা বুলি ৰাহুল গান্ধীয়ে কৰা দাবীটোক শ্বাহে প্ৰত্যাহ্বান জনায়। তেওঁ নিজাববীয়াকৈ ইয়াৰ এটা হিচাপ ডাঙি ধৰি কয় যে ৬ কোটিতকৈ অধিক ভোটাৰে বাসস্থান সলনি কৰিছে, ২ কোটিতকৈ অধিক লোকৰ মৃত্যু হৈছে, ১ কোটি ভুৱা বা দুবাৰকৈ থকা নাম আছিল আৰু প্ৰায় ৩ কোটি আছিল "অনু প্ৰৱেশকাৰী ।
শ্বাহে কয়, "৩ কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক ভোটাৰ তালিকা আৰু দেশৰ পৰা খেদি পঠিয়াব লাগে নে নালাগে? এই প্ৰক্ৰিয়াটো চলোৱা উচিত নে অনুচিত?"
শ্বাহে লগতে কয়: "মই কংগ্ৰেছক সংসদৰ এক বিশেষ অধিৱেশনত SIR সম্পৰ্কে বিতৰ্ক কৰিবলৈ প্ৰত্যাহ্বান জনাইছো । কিন্তু মই জানো ৰাহুল গান্ধী ইয়াৰ বাবে মান্তি নহয়, কাৰণ তেওঁ জানে যে ৰাজপথত অৰাজকতা আৰু বিশৃংখলতা সৃষ্টি কৰিহে তেওঁ বাতৰিৰ শিৰোনামত থাকিব পাৰে।"
লোকসভাৰ বিৰোধী দলৰ নেতাগৰাকীক তীব্ৰ আক্ৰমণ কৰি গৃহমন্ত্ৰীজনে কয় যে কংগ্ৰেছে "ভুৱা ভোটদানৰ জৰিয়তে নিৰ্বাচন দখল" কৰিব বিচাৰে।
শ্বাহে কয়: "যদি এজন ব্যক্তিৰ দুটা ভোট থাকে, তেন্তে তাৰে এটা বাতিল হ’ব লাগে নে নালাগে? এতিয়া আমি 'ৰাহুল বাবা'ৰ পেটৰ বিষৰ আচল কাৰণটোলৈ আহিছোঁ। ৩ কোটি ভোট এনেকুৱা, যিবোৰ মানুহৰ আচলতে কোনো অস্তিত্বই নাই।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।