Saturday, 07 November 2026
লগইন
ব্ৰেকিং

পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক

‘তাক মাৰি পেলাওক!’

নিউজ ডেস্ক : অন্ধ্ৰপ্ৰদেশৰ এখন বিদ্যালয়ত কৰাতৰে ছাত্ৰীক আক্ৰমণ কৰা আক্ৰমণকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। ছাত্ৰীগৰাকীৰ পৰিয়ালে দাবী কৰে “পাগলটোক এনকাউণ্টাৰত মাৰি পেলোৱা হওক।” ঘটনাৰ কেইঘণ্টামানৰ পিছতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় অভিযুক্তটো।

তথ্য অনুসৰি, গুৰুতৰভাৱে আহত ২১ বছৰীয়া হেমন্ত ওৰফে দাম্মুক চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰক্ষীৰ দাবী অনুসৰি, অভিযুক্তটোৱে পলায়নৰ চেষ্টা কৰিছিল। তেওঁ আৰক্ষী বাহিনীৰ ওপৰত আক্ৰমণ কৰাত আত্মৰক্ষাৰ স্বাৰ্থত ওলোটাই গুলীচালনা কৰে বুলি আৰক্ষীয়ে সদৰী কৰে।

আৰক্ষীৰ এটা সূত্ৰৰ দাবী অনুসৰি, তেওঁলোকে খবৰ লাভ কৰিছিল যে অভিযুক্তটো অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ এখন জংঘলত লুকাই আছে। সেই অনুসৰিয়েই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ এটা দল এই অঞ্চলত উপস্থিত হয়। ধৃত হেমন্তক ধৰিবলৈ চেষ্টা কৰোঁতে তেওঁ ছুৰীৰে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা কৰে। আৰক্ষীকৰ্মীসকলক লক্ষ্য কৰি শিলো নিক্ষেপ কৰে বুলি দাবী কৰা হৈছে।

আৰক্ষীৰ সূত্ৰৰ মতে, এই ঘটনাত কেইবাজনো আৰক্ষী আহত হয়। সেই সময়ত আত্মৰক্ষাৰ উদ্দেশ্যে আৰক্ষীয়ে ছয় ৰাউণ্ড গুলীচালনা কৰে। তাতেই হেমন্ত গুলীবিদ্ধ হয়। চিকিৎসাৰ বাবে তেওঁক অনন্তপুৰ ষ্টেট জেনেৰেল হাস্পতাললৈ লৈ যোৱা হয়।

শনিবাৰে ধৃত অনন্তৰ বিৰুদ্ধে অনন্তপুৰৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত সোমাই এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত কৰাতৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণত ১৫ বছৰীয়া ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয়। ছাত্ৰীগৰাকীৰ ডিঙি, মুখ আৰু পেটত গভীৰ আঘাতৰ উপৰি সোঁহাতখন প্ৰায় বিচ্ছিন্ন হৈ পৰে। সংকটজনক অৱস্থাত বৰ্তমান ছাত্ৰীগৰাকী বেংগালুৰুৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ঘটনাটোৰ পিছত দেওবাৰে পুৱাই এটা সাক্ষাৎকাৰত আক্ৰমণৰ বলি হোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালে দাবী কৰে যে অভিযুক্তক ‘এনকাউণ্টাৰ’ত কৰা হওক।’ ছাত্ৰীগৰাকীৰ ককায়েক মুডাগা কাটামাইয়াই কয়, ‘‘মোৰ ভণ্টীৰ প্ৰতি অভিযুক্তৰ একপক্ষীয় আকর্ষণ আছিল। কিন্তু এই কথা আমাৰ কোনোৱেই জনা নাছিল। ল’ৰাজন মানসিকভাৱে বিকাৰগ্ৰস্ত। আমি যদি এই বিষয়ে আগতেই জানিলোঁহেঁতেন, তেন্তে সতৰ্ক হ’ব পাৰিলোঁহেঁতেন।’’

লগতে তেওঁ কয় যে, অভিযুক্তটোৰ পৰা আগতে কোনো ধৰণৰ ভাবুকিও পোৱা নাছিল। তাৰ পিছতেই কাটামাইয়াই দাবী কৰে, ‘‘আমাৰ ছোৱালীজনীৰ ওপৰত আক্ৰমণ কৰা সেই পাগলটোক আৰক্ষীয়ে এনকাউণ্টাৰ কৰক, আমি সেয়াই বিচাৰোঁ।’’

অন্ধ্ৰপ্ৰদেশৰ তথ্য-প্ৰযুক্তি আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰী নাৰা লোকেশে দেওবাৰে পুৱা জনায় যে, বেংগালুৰুৰ চিকিৎসালয়ত চিকিৎসকৰ এটা বিশেষ দলে ছাত্ৰীগৰাকীক সুস্থ কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। অত্যধিক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰাৰ পিছত বৰ্তমান তেওঁৰ শৰীৰত অস্ত্ৰোপচাৰ কৰা হৈছে।

এই ঘটনাৰ তীব্ৰ নিন্দা কৰি মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে সদৰী কৰে যে, তেওঁ ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰে আক্ৰান্ত ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যয় বহন কৰাৰ কথাও ঘোষণা কৰে।
##AndhraPradesh #ChainsawAttacker #AndhraChainsawAttacker #Shot

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।