এক সাক্ষাৎকাৰত, চন্দ্ৰশেখৰ আজাদৰ 'আজাদ সমাজ পাৰ্টি'ৰ সৈতে তেওঁৰ দলৰ মিত্ৰতা ঘোষণা কৰাৰ পাছত ওৱেইছিয়ে কয় যে, ৰাজ্যখনত বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য হৈ আছে।
ওৱেইছিয়ে কয়, "দলিত-মুছলমানৰ ঐক্যই একমাত্ৰ উদ্দেশ্য নহয়। মূল উদ্দেশ্য হৈছে যাতে বিজেপি পুনৰ ক্ষমতালৈ নাহে। ৰাজ্যখনত অৰাজকতাৰ সৃষ্টি কৰা বিজেপিৰ বিৰুদ্ধে আমি এক শক্তিশালী যুঁজ দিব বিচাৰো।"
উত্তৰ প্ৰদেশৰ মুছলমানসকলৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰি ওৱেইছিয়ে যুক্তি আগবঢ়ায় যে, "ৰাজ্যখনত এই সম্প্ৰদায়টোৰ ৰাজনৈতিক কণ্ঠস্বৰৰ অভাৱ আছে। তেওঁলোক প্ৰশাসনৰ বুলডজাৰ অভিযানৰ ভুক্তভোগী। চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক বহু পিছ পৰি আছে।"
সম্প্ৰদায়টোৰ দুৰ্দশাৰ বাবে তথাকথিত ধৰ্মনিৰপেক্ষ দলসমূহক দোষাৰোপ কৰি ওৱেইছিয়ে অভিযোগ কৰে যে, মুছলমানসকলক কেৱল ভোট বেংকলৈ পৰিণত কৰা হৈছে আৰু নিৰ্বাচন শেষ হোৱাৰ পাছত তেওঁলোকক পাহৰি যোৱা হয়।
তেওঁ কয়, "তেওঁলোকক কেৱল ভোট হিচাপেহে ব্যৱহাৰ কৰা হয়, অধিকাৰ থকা নাগৰিক হিচাপে দেখা নাযায়। তথাকথিত ধৰ্মনিৰপেক্ষ দলবোৰৰ মিছা কথাবোৰ নিৰ্বাচনৰ পিছত নিৰ্বাচনত পুনৰাবৃত্তি কৰা হয়।"
লগতে তেওঁ এই দলসমূহৰ বিৰুদ্ধে স্বতন্ত্ৰ মুছলমান ৰাজনৈতিক নেতৃত্বৰ উত্থানত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, "মুছলমানসকলক ৰাজনৈতিক নেতৃত্ব গঢ়ি তুলিবলৈ দিয়া হোৱা নাই, আনহাতে আন প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজা ৰাজনৈতিক প্ৰতিনিধিত্ব আছে।"
আজাদৰ সৈতে কৰা তেওঁৰ মিত্ৰতাই বিজেপিক লাভান্বিত কৰিব বুলি উত্থাপিত সমালোচনা নাকচ কৰি ওৱেইছিয়ে বিৰোধী দলসমূহক ভণ্ডামি কৰাৰ অভিযোগ উত্থাপন কৰে, আৰু ইয়াৰ উদাহৰণ হিচাপে জম্মু-কাশ্মীৰত সমাজবাদী পাৰ্টীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তথা পঞ্জাৱত কংগ্ৰেছে আম আদমী পাৰ্টীৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ কথা আঙুলিয়াই দিয়ে।
"সমাজবাদী পাৰ্টিয়ে (SP) কাশ্মীৰত কিয় নিৰ্বাচন খেলিছিল? মহাৰাষ্ট্ৰত আমাৰ প্ৰাৰ্থী ইমতিয়াজ জলীলৰ পৰাজয়ৰ বাবে কোন দায়ী আছিল? কংগ্ৰেছলৈ চাওক। পঞ্জাৱত তেওঁলোকে আম আদমি পাৰ্টিৰ বিৰুদ্ধে যুঁজি আছে। তেওঁলোকে আপক বিজেপিৰ 'বি টিম' বুলি অভিহিত কৰিছে। চাৰিওফালে যথেষ্ট বৈপৰীত্য আৰু ভণ্ডামি চলি আছে" বুলি তেওঁ উল্লেখ কৰে ।
ৰাজনৈতিক দলসমূহৰ সামন্তবাদী মানসিকতাক লক্ষ্য কৰি—য’ত তেওঁলোকে কেৱল কেইজনমান নিৰ্বাচিত লোকেহে মুখ্যমন্ত্ৰী হ’ব পাৰে বুলি বিশ্বাস কৰে বুলি তেওঁ দাবী কৰে; ওৱেইছিয়ে কয় যে মুছলমানসকলৰ মাজত এক জাগৰণৰ সৃষ্টি হৈছে।
শেহতীয়াকৈ তেওঁ কয়,"এই দলসমূহৰ এক সামন্তবাদী ৰাজনৈতিক মানসিকতা আছে যে কেৱল নিৰ্দিষ্ট কিছুমান লোকহে মুখ্যমন্ত্ৰী হ’ব পাৰে। ৰজাৰ সন্তান ৰজা হোৱাৰ দিন এতিয়া শেষ হ’ল।" SPয়ে তেওঁক মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়োৱা বুলি ওলোৱা দাবীসমূহো ওৱেইছিয়ে নাকচ কৰে আৰু ইয়াক বছৰটোৰ আটাইতকৈ ডাঙৰ মিছা কথা বুলি অভিহিত কৰে।
ওৱেইছিয়ে কয়, "এয়া ২০২৬ চনৰ আটাইতকৈ ডাঙৰ মিছা কথা যে SPয়ে মিত্ৰতাৰ প্ৰস্তাৱ দিছে। মইহে মিত্ৰতাৰ প্ৰস্তাৱ দিছিলোঁ, কিন্তু এছপিয়ে নাকচ কৰিলে। অখিলেশে মোক ৰাৱণ আৰু অঘৰী বুলি কৈছিল। তেওঁৰ শাসনকালত মুজাফৰনগৰত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত মুছলমানসকলক অঘৰী কৰি তোলা হৈছিল। মই সেই ক্ষতিগ্ৰস্ত লোকসকলৰ শিবিৰ পৰিদৰ্শন কৰিছিলোঁ, আৰু সেয়াই মোৰ বাবে এক টাৰ্নিং পইণ্ট আছিল।"
তাৰোপৰি আজাদক এজন যুৱ আৰু গতিশীল নেতা বুলি অভিহিত কৰি ওৱেইছিয়ে কয় যে, " প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমূহে স্থিতাৱস্থা বজাই ৰাখিব বিচাৰে, য'ত মুছলমান আৰু দলিতসকল কেৱল ভোট বেংক হৈয়েই থাকিব। লগতে তেওঁ জোৰ দি কয় যে তেওঁৰ মিত্ৰজোঁটে বৰ্তমানৰ এই ৰাজনৈতিক ভাৰসাম্য ভংগ কৰিবলৈ চেষ্টা চলাই আছে।তেওঁলোকে স্থিতাৱস্থা বিচাৰে, কিন্তু আমি ইয়াত ৰাজনৈতিক ভাৰসাম্য ভংগ কৰিবলৈ আহিছো। তেওঁলোকে সেইটো ভাল নাপায়।"
লগতে ওৱেইছিয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ অযোধ্যা ভ্ৰমণক সমালোচনা কৰি অভিযোগ কৰে যে এয়া তেওঁৰ হিন্দুত্ববাদী পৰিচয় প্ৰতিষ্ঠা কৰাৰ এক প্ৰচেষ্টা আছিল।
তেওঁ কয়, "মই মোৰ জ্যেষ্ঠসকলৰ পৰা শিকিছোঁ যে আমি কেতিয়াও আমাৰ বিৰোধীৰ শক্তিশালী দিশবোৰত যুঁজ দিব নালাগে। যদি আপুনিও জয়ী হ'বলৈ মন্দিৰৰ ওপৰতে নিৰ্ভৰ কৰে, তেন্তে আপোনাৰ আৰু বিজেপিৰ মাজত পাৰ্থক্য কি? এছ পি-য়ে কেৱল মানুহক নিজৰ হিন্দুত্ববাদী পৰিচয়ৰ বিষয়ে পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে। ই অখিলেশক সহায় নকৰে।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।