Monday, 23 November 2026
লগইন
ব্ৰেকিং

ৰাজ্যসভাৰ সাংসদ যোগেন মহনলৈ বিজেপিৰ OBC মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ দায়িত্ব

OBC মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ঘোষণা

নিউজ ডেস্ক: বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকলৰ সালসলনিৰ অংশ হিচাপে অসমৰ সাংসদ যোগেন মোহনক বিজেপিৰ OBC মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ নিৰ্দেশমৰ্মে নতুন দিল্লীস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা ২১ নৱেম্বৰ, ২০২৬ তাৰিখে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই নিযুক্তিসমূহ ঘোষণা কৰা হৈছে। এই নিযুক্তিসমূহ তৎক্ষণাত কাৰ্যকৰী হৈছে।

তথ্য অনুসি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগেন মোহনৰ লগতে নতুনকৈ নিযুক্তি লাভ কৰা অন্যান্য বিষয়ববীয়া, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আৰু বিভিন্ন দায়িত্ব লাভ কৰা নেতাসকলক অভিনন্দন জনাইছে। 

এক্স (X)-ৰ এটা পোষ্টত শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত দলীয় সংগঠনটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত জনসেৱাৰ সৈতে জড়িত তেওঁলোকৰ অভিজ্ঞতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

অসমক প্ৰতিনিধিত্ব কৰা যোগেন মোহন বিজেপি OBC মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্ত হোৱা নেতাসকলৰ অন্যতম। অন্যান্য নিযুক্তিসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় সম্পাদক, কোষাধ্যক্ষ, কাৰ্যালয় সম্পাদক, সহ-কাৰ্যালয় সম্পাদক আৰু সংবাদ মাধ্যমৰ সমন্বয়কসকল অন্তৰ্ভুক্ত আছে।
##MP Jogen Mohan # Assam BJP #OBC Morcha #Vice President

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।