নিউজ ডেস্ক : গেৰুৱা বসন পিন্ধিলে প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পীন বলাৰ যুজবেন্দ্ৰ চহলে । শনিবাৰে বিজেপিত যোগদান কৰে ক্ৰিকেটাৰগৰাকীয়ে । বিজেপিত যোগদানৰ পাছতে দলটোৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বিশেষ আমন্ত্ৰিত সদস্য হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে।
উল্লেখ্য যে, কিছু দিনৰ পূৰ্বে টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল চহলে । শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ে অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় পদাধিকাৰী, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আৰু অন্যান্য পদত নিযুক্তি লাভ কৰা ব্যক্তিসকলৰ তালিকা প্ৰকাশ কৰিছিল । সেই তালিকাত ক্ৰিকেটাৰ যুজবেন্দ্ৰ চহলৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।
চহলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি সামাজিক মাধ্যম ‘X’ত তেওঁ লিখে- “বিজেপি পৰিয়ালত মোক স্থান আৰু সন্মান প্ৰদান কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি অমৰপাল মৌৰ্য্যক আন্তৰিক ধন্যবাদ জনাইছো।”
দলৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা আনুষ্ঠানিক জাননী অনুসৰি, অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সমিতিত ৭গৰাকী ৰাষ্ট্ৰীয় উপ-সভাপতি, তিনিগৰাকী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু সাতগৰাকী ৰাষ্ট্ৰীয় সম্পাদককো নিযুক্তি দিয়া হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিক এই তালিকাত স্থান দিয়া হৈছে। উল্লেখ্য যে, যুজবেন্দ্ৰ চহলক দিল্লীৰ প্ৰতিনিধি হিচাপে অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বিশেষ আমন্ত্ৰিত সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।