নিউজ ডেস্ক : শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ মাজতে হঠাতে দশম শ্ৰেণীৰ সেই শ্ৰেণীকোঠাত প্ৰৱেশ কৰি শিক্ষকৰ উপস্থিতত এজন যুৱকে দুগৰাকী ছাত্ৰীক যন্ত্ৰচালিত কৰাতৰে (চেইন-স’)ৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। শনিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ ৰাপ্তাডু গাঁৱৰ জিলা পৰিষদ উচ্চ বিদ্যালয়ত এই ঘটনা সংঘটিত হয়। আক্ৰমণত দুয়োগৰাকী ছাত্ৰী আহত হয়। ইয়াৰে এগৰাকীৰ অৱস্থা সংকটজনক। পলায়ন কৰাৰ সময়ত অভিযুক্ত যুৱকজনক ধৰ্মৱৰম ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা ২১ বছৰীয়া যুৱকজনৰ নাম হেমন্ত ওৰফে দাম্মু। তেওঁ শ্ৰী সত্য সাই জিলাৰ ধৰ্মৱৰম মণ্ডলৰ নাগালুৰৰ বাসিন্দা আৰু আক্ৰান্ত ছাত্ৰীগৰাকীৰ দূৰসম্পৰ্কীয় আত্মীয়। আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, বিদ্যালয়খনত মেৰামতিৰ কাম চলি থকাৰ বাবে হাতত কৰাত থকা যুৱকজনক নিৰাপত্তাৰক্ষী আৰু কেইজনমান শিক্ষকে মিস্ত্ৰী বুলি ভুল কৰিছিল। সেই সুযোগতে শ্ৰেণী চলি থকাৰ সময়তেই তেওঁ ভিতৰলৈ সোমাই পৰে।
কৰাতৰ আক্ৰমণত মূল আক্ৰান্ত ছাত্ৰীগৰাকীৰ ডিঙি আৰু পেটত গভীৰ আঘাতপ্ৰাপ্ত হয় আৰু ছাত্ৰীগৰাকীৰ সোঁহাতখন প্ৰায় বিচ্ছিন্ন হৈ যায়। ছাত্ৰীগৰাকীক বচাবলৈ চেষ্টা কৰাৰ সময়ত আনগৰাকী সহপাঠীও আহত হয়।
ৰক্তাক্ত অৱস্থাত দুয়োগৰাকী ছাত্ৰীক তৎক্ষণাত অনন্তপুৰৰ চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত সংকটজনক অৱস্থাত থকা ছাত্ৰীগৰাকীৰ জটিল অস্ত্ৰোপচাৰ চলি আছে। উন্নত চিকিৎসাৰ বাবে তেওঁক এয়াৰ এম্বুলেন্সেৰে বেংগালুৰুৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।
চকুৰ সন্মুখতে সংঘটিত এই ভয়ংকৰ আক্ৰমণৰ ঘটনাই শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ মাজত চূড়ান্ত আতংকৰ সৃষ্টি কৰে। ঠিক কি কাৰণত এই আক্ৰমণ সংঘটিত হ’ল, সেয়া জানিবলৈ আৰক্ষীয়ে বিস্তৃত তদন্ত আৰম্ভ কৰিছে। হাৰাশাস্তি আৰু প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ ফলতেই এই আক্ৰমণ সংঘটিত হৈছিল নেকি, সেই দিশটোও তদন্ত কৰি থকা হৈছে।
যন্ত্ৰচালিত কৰাত লৈ এজন যুৱক কেনেকৈ কোনো বাধা নোহোৱাকৈ শ্ৰেণীকোঠালৈকে উপস্থিত হ’ব পাৰিলে, সেই লৈ অভিভাৱকসকলে প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত ৰাজ্যখনৰ গৃহমন্ত্ৰী ভি. অনিতাই নজৰ ৰাখিছে।
এই ঘটনাৰ তীব্ৰ নিন্দা কৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। সামাজিক মাধ্যম ‘এক্স’-ত তেওঁ লিখে, “ৰাপ্তাডু জিলা পৰিষদ উচ্চ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ওপৰত সংঘটিত এই বৰ্বৰোচিত আক্ৰমণত মই গভীৰভাৱে স্তম্ভিত আৰু ক্ষুব্ধ। যিসকলে বিদ্যালয়ৰ ভিতৰত আমাৰ ছোৱালীসকলক লক্ষ্য কৰি আক্ৰমণ কৰে, সমাজত তেওঁলোকৰ কোনো স্থান নাই।
মই ব্যক্তিগতভাৱে ছাত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থাৰ খবৰ ৰাখিছোঁ আৰু চিকিৎসকসকলক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি তেওঁৰ চিকিৎসা কৰাৰ নিৰ্দেশ দিছোঁ। এই ঘটনাৰ বাবে দায়ী নৰপশুটোক চিনাক্ত কৰি শীঘ্ৰে কঠোৰতম আইনী শাস্তি নিশ্চিত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।”

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।