Monday, 09 November 2026
লগইন
ব্ৰেকিং

বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই চৰম পন্থা বাছিলে এজন ৪৭ বছৰীয়া পুৰুষে

প্ৰেমৰ ভয়ংকৰ পৰিণতি

নিউজ ডেস্ক : উত্তৰ-পশ্চিম দিল্লীৰ ৱাজিৰপুৰ ঔদ্যোগিক এলেকাৰ এটা বাচন-বৰ্তনৰ কাৰখানাত শুক্ৰবাৰে ৪৭ বছৰীয়া এজন বিবাহিত পুৰুষে নিজৰ গাত জুই লগাই চৰম পন্থা বাচি লয়। আৰক্ষীয়ে জনোৱা মতে, তেওঁ এখন চুইছাইড নোট এৰি থৈ গৈছিল। সেই নোটত নিজৰ আধা বয়সতকৈও কম বয়সৰ এগৰাকী মহিলাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ অন্ত পৰাৰ বাবেই এনে চৰম সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছিল।

মৃত ব্যক্তিজনৰ নাম সন্দীপ। তেওঁ উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰৰ বাসিন্দা আছিল। তাত তেওঁ পত্নী আৰু দুই সন্তানৰ সৈতে বাস কৰিছিল।

তথ্য অনুসৰি, তেওঁ সঘনাই এজন বন্ধুৰ ঘৰলৈ অহা-যোৱা কৰিছিল। সেই সময়তে বন্ধুৰ ২০ বছৰীয়া কন্যাৰ প্ৰতি তেওঁৰ মনত প্ৰেমৰ অনুভূতি জাগি উঠে। যুৱতীগৰাকীয়ে ৱাজিৰপুৰৰ এটা বাচন-বৰ্তনৰ কাৰখানাত কাম কৰে আৰু দিল্লীত অকলশৰে বাস কৰে।

আৰক্ষীৰ মতে, সন্দীপে প্ৰায়ে যুৱতীগৰাকীক ফোন কৰিছিল। কিন্তু কিছুদিনৰ পৰা যুৱতীগৰাকীয়ে তেওঁৰ সৈতে কথা পতা বন্ধ কৰি দিছিল। ইয়াকে লৈ মানসিকভাৱে ভাগি পৰা সন্দীপ বৃহস্পতিবাৰে দিল্লীলৈ আহিছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, শুক্ৰবাৰে তেওঁ দুটা পেট্ৰ’লৰ বটল লৈ কাৰখানাটোত উপস্থিত হয় আৰু যুৱতীগৰাকীক বিয়া কৰাবলৈ জোৰ কৰে। কিন্তু যুৱতীগৰাকীয়ে অস্বীকাৰ কৰাত তেওঁ নিজৰ গাত পেট্ৰ’ল ঢালি জুই লগাই লয়।

কাৰখানাটোৰ কৰ্মচাৰীসকলে ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহে। জুই নিৰ্বাপণ কৰি তেওঁক দীপ চন্দ বন্ধু হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

চুইছাইড নোটত সন্দীপে দাবী কৰে যে যুৱতীগৰাকীয়ে তেওঁৰ সৈতে থকা বন্ধুত্বৰ সম্পৰ্ক ছেদ কৰিছিল। ইয়াৰ বাবেই তেওঁ নিজৰ গাত জুই লগাই আত্মহত্যা কৰা বুলি তেওঁ নোটখনত উল্লেখ কৰে।

আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীয়ে সন্দীপৰ সৈতে কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে।

উল্লেখ্য যে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু সন্দীপৰ পৰিয়ালকো ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে।
##bigupdate #newsupdate #tragicincident #delhi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।