আজিৰ দিনটোত সকলো ৰাজহুৱা বেংক আৰু Regional Rural Bank (RRB) খোলা থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) অনুমোদনৰ পাছত বেংক শাখাৰ লগতে ATM সম্পৰ্কীয় কাৰ্যালয় আৰু কাৰেন্সীৰ সৈতে জড়িত কামসমূহ কৰিব। যদি নগদ ধন জমা দিয়া, চেক জমা দিয়া, KYC নথি দিব লাগে বা এনে কোনোধৰণৰ কাম আছে যাৰ বাবে বেংকলৈ যোৱাটো প্ৰয়োজনীয়, তেন্তে আজি বেংক শাখালৈ গৈ সেই কামসূহ কৰিব পাৰে।
সোমবাৰৰ পৰা বুধবাৰলৈ চলিবলগীয়া ৩ দিনীয়া ধৰ্মঘটৰ বাবে শাখালৈ গৈ কৰিবলগীয়া বহু কাম, যেনে- নগদ ধন জমা বা উলিওৱা, চেক ক্লিয়াৰেঞ্চ, পাছবুক আপডেট বা নতুন একাউন্ট খোলা, KYC আৰু ডিমাণ্ড ড্ৰাফ্ট (DD) বনোৱা আদি সেৱা বন্ধ হৈ থাকিব পাৰে।
প্ৰাপ্ত তথ্য অনুসৰি, এই ধৰ্মঘটত ব্যক্তিগত আৰু সমবায় বেংকসমূহে অংশগ্ৰহণ নকৰে আৰু তেওঁলোকৰ শাখাসমূহ সাধাৰণ দিনৰ দৰেই খোলাল থাকিব। HDFC বেংকৰ তৰফৰ পৰা জনাই যে, ২৭ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোতো খোলা থাকিব আৰু ২৮ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সেৱাসমূহ সম্পূৰ্ণ স্বাভাৱিকভাৱে অব্যাহত থাকিব। কিন্তু আন ব্যক্তিগত বেংক যেনে- ICICI বেংক, এক্সিছ বেংক, কোটাক মহিন্দ্ৰা বেংক, ইণ্ডাছইণ্ড বেংক আৰু ইয়েছ বেংকে এতিয়ালৈকে ধৰ্মঘটৰ ফলত তেওঁলোকৰ কাম-কাজত প্ৰভাৱ পৰাৰ কোনো তথ্য প্ৰকাশ কৰা নাই।
২৮ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰস্তাৱিত দেশজোৰা বেংক ধৰ্মঘটৰ মাজতে ভাৰতীয় ষ্টেট বেংক (SBI)-এ গ্ৰাহকসকলক সকাহ দিয়াৰ কথা ঘোষণা কৰিছে। বেংকটোৰ তৰফৰ পৰা জনায় যে, প্ৰস্তাৱিত ধৰ্মঘটৰ সময়ছোৱাত গ্ৰাহকৰ বেংকিং প্ৰয়োজনীয়তা পূৰণৰ বাবে ইয়াৰ সেৱাসমূহ উপলব্ধ থাকিব। সেই অনুসৰি, ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে যিকোনো বেংকৰ ATM কৰা লেনদেনৰ বাবে কোনো মাচুল দিব নালাগে।
তাৰোপৰি ধৰ্মঘটৰ সময়ত UPI, IMPS, RTGS আৰু NEFTৰ দৰে অনলাইন পেমেণ্ট সেৱাসমূহ সাধাৰণভাৱেই চলি থাকিব। যাৰ বাবে ডিজিটেল মাধ্যমেৰে ধনৰ লেনদেনত কোনো বাধা পোৱাৰ সম্ভাৱনা নাই।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।