নিউজ ডেস্ক : বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে (BCB) ৰাষ্ট্ৰীয় দলৰ বেটিং প্ৰশিক্ষক মহম্মদ আশ্ৰাফুলক পদৰ পৰা অপসাৰণ কৰে। এছিয়ান গেমছ আৰু সংযুক্ত আৰৱ আমিৰশাহী (UAE) ত অনুষ্ঠিত এদিনীয়া ত্ৰিপাক্ষিক শৃংখলাত বেটিং ব্যৰ্থতাৰ বাবে প্ৰাক্তন অধিনায়কগৰাকীক বৰ্খাস্ত কৰা হৈছে। এই দুয়োখন প্ৰতিযোগিতাতে বাংলাদেশী বেটছমেনসকলে আশানুৰূপ প্ৰদৰ্শন কৰিব পৰা নাছিল।
বাংলাদেশ, জিম্বাবুয়ে আৰু আফগানিস্তানক লৈ আয়োজিত ত্ৰিদেশীয় শৃংখলা জয়ৰ প্ৰধান দাবীদাৰ আছিল তৌহিদ হৃদয়ৰ দল। কাৰণ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (ICC) ৰেংকিং অনুসৰি বাকী দুয়োখন দেশতকৈ বাংলাদেশ আগবাঢ়ি আছিল। কিন্তু প্ৰতিযোগিতাখনৰ ফাইনেলতেই উঠিব নোৱাৰিলে বাংলাদেশ।
আফগানিস্তানৰ বিৰুদ্ধে ১৬০ ৰানত আৰু জিম্বাৱৱেৰ বিৰুদ্ধে তেওঁলোক ১৭২ ৰানত অলআউট হৈ যায় । দুয়োখন খেলতে বাংলাদেশ পৰাজিত হয়। তেওঁলোকৰ প্ৰায় সকলো বেটাৰেই আফগানিস্তান আৰু জিম্বাৱৱেৰ বলিং আক্ৰমণৰ সন্মুখত সমস্যাত পৰে। এনে দুৰ্বল প্ৰদৰ্শনৰ বাবেই চাকৰি হেৰুৱালে বেটিং প্ৰশিক্ষক আশ্ৰাফুলে।
উল্লেখ্য যে, চাকৰি হেৰুওৱাৰ খবৰটো মানি লৈছে আশ্ৰাফুলে। এটা ক্ৰিকেট ৱেবছাইটক বাংলাদেশৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘‘হয়, মই এতিয়া আৰু ৰাষ্ট্ৰীয় দলৰ সৈতে কাম কৰা নাই। মূলতঃ পৰৱৰ্তী দায়িত্বৰ বাবে অপেক্ষা কৰি আছো।’’ অৱশ্যে বাংলাদেশৰ সদ্য প্ৰাক্তন বেটিং প্ৰশিক্ষকগৰাকীয়ে তেওঁ কি নতুন দায়িত্ব ল’ব সেই বিষয়ে একো জনোৱা নাই।
সন্মুখত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বাংলাদেশৰ দুখন টেষ্ট মেচৰ শৃংখলা আছে। তাৰ পূৰ্বে তামিম ইকবালৰ নেতৃত্বাধীন BCB-এ নতুন বেটিং প্ৰশিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। এজন বিষয়াই সদৰী কৰে , ‘‘আমি সম্ভৱতঃ বিদেশী বেটিং প্ৰশিক্ষক নিযুক্তি দিম। কেইটামান নাম সম্পৰ্কে আলোচনা চলি আছে।’’ বি চি বিৰ আন এক সূত্ৰৰ খবৰ অনুসৰি, ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পূৰ্বে কোনো বিদেশীক বেটিং প্ৰশিক্ষক হিচাপে পোৱাটো কঠিন। এই পৰিস্থিতিত মহম্মদ ছালাউদ্দিনক অস্থায়ীভাৱে দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে। তেওঁ বৰ্তমান বি চি বিৰ হাই পাৰফৰমেন্স ইউনিটৰ মুখ্য প্ৰশিক্ষক।
তথ্য অনুসৰি, আশ্ৰাফুল বেটিং প্ৰশিক্ষক হৈ থকাৰ সময়ছোৱাত বাংলাদেশে আঠখন টেষ্ট খেলি পাঁচখনত জয়লাভ কৰিছে। তাৰ ভিতৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট জয়ো অন্তৰ্ভুক্ত হৈ আছে। পাকিস্তানৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা জয়ৰো অভিলেখ আছে। কিন্তু এছিয়ান গেমছ আৰু ত্ৰিদেশীয় শৃংখলাত বেটিং বিপৰ্যয়ৰ পিছত আশ্ৰাফুলক পদৰ পৰা আঁতৰাই দিয়া হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।