নিউজ ডেস্ক : হাজোৰ সু-সন্তান ,কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষা তথা জিলা পৰিষদৰ সদস্যা ৰীতা তালুকদাৰৰ পুত্ৰ,সুদক্ষ বেডমিণ্টন খেলুৱৈ স্কাই কাশ্যপ উত্তৰ-পূব পেৰা স্পৰ্টছ মিটলৈ নিৰ্বাচিত হৈছে ।
হাজোৰ বৰদধি গাঁৱৰ উদীয়মান পেৰা বেডমিণ্টন খেলুৱৈ স্কাই কাশ্যপে আগন্তুক উত্তৰ-পূব পেৰা স্পৰ্টছ মিটত (North East Para Sports Meet) অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ অহা ২৭ নৱেম্বৰৰ ৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মানীয় ক্ৰীড়া প্ৰতিযোগিতাত স্কাই কাশ্যপে অসমক প্ৰতিনিধিত্ব কৰিব।
উল্লেখ্য যে, অঞ্চলটোৰ একমাত্ৰ খেলুৱৈ হিচাপে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত উজলি উঠিবলৈ প্ৰস্তুত হোৱা স্কাইৰ এই সফলতাত এতিয়া সমগ্ৰ হাজো তথা বৰদধি গাঁৱত আনন্দৰ বন্যা বৈছে। স্থানীয় ৰাইজে খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যত আৰু প্ৰতিযোগিতাখনত সফলতা লাভৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।