নিউজ ডেস্ক : যুৱ অলিম্পিক গেমছৰ বেডমিণ্টন ফাইনেলত উপনীত ভাৰতৰ তানভি পত্ৰী । বুধবাৰে হোৱা মেচত জাপানৰ য়ুজুনো ৱাটানাবোক পৰাস্ত কৰি যুৱ অলিম্পিক গেমছৰ বেডমিণ্টন ফাইনেলত উপনীত প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস ৰচনা কৰে । বুয়েনছ আয়াৰ্ছত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ তিনিম্যাদী ছেমিফাইনেলত ১৫ বছৰীয়া খেলুৱৈগৰাকীয়ে জাপানৰ য়ুজুনো ৱাটানাবোক ২১-১৪, ১১-২১, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে।
ওড়িশাৰ শ্বাটলাৰগৰাকীয়ে দ্বিতীয়টো খেলত ৱাটানাবেয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰাৰ পিছত জয়ৰ বাবে তানভিয়ে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল । অৱশ্যে ভাৰতীয় খেলুৱৈ গৰাকীয়ে নিৰ্ণায়ক খেলখনত ধৈৰ্য্য হেৰুৱাই নেপেলাই আক্ৰমণাত্মক শ্বটেৰে খেলখন নিজৰ দখললৈ আনে। এই বিজয় তানভিৰ বাবে এক মধুৰ প্ৰতিশোধো আছিল, কিয়নো ইয়াৰ পূৰ্বে থাইলেণ্ডত অনুষ্ঠিত হোৱা মুখামুখিত তেওঁ ৱাটানাবেৰ হাতত ২১-১৪, ২১-১০ ব্যৱধানত পৰাজিত হৈছিল ।
তেওঁৰ পূৰ্বে কেৱল তিনিগৰাকী ভাৰতীয় শ্বাটলাৰ — এইচ এছ প্ৰণয়, লক্ষ্য সেন আৰু আদিত্য যোশীয়েহে এই প্ৰতিযোগিতাৰ বেডমিণ্টন ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। ২০১০ চনত ছিংগাপুৰত অনুষ্ঠিত হোৱা উদ্বোধনী যুৱ অলিম্পিক গেমছত প্ৰণয়ে ৰূপৰ পদক লাভ কৰিছিল। লক্ষ্যইও ২০১৮ চনৰ বুয়েনছ আয়াৰ্ছ সংস্কৰণত ৰূপৰ পদক লাভ কৰিছিল। আনহাতে, আদিত্যই ২০১৪ চনত ল’ৰাৰ একক ছেমিফাইনেলত প্ৰৱেশ কৰিছিল যদিও পদকহীনভাৱে ঘৰলৈ উভতিছিল ।
তানভিয়ে ইতিমধ্যে জুনিয়ৰ বেডমিণ্টনত নিজৰ নাম উজ্জ্বল কৰিছে। ইয়াৰ পূৰ্বে তেওঁ চেংডুত অনুষ্ঠিত বেডমিণ্টন এছিয়া অনুৰ্ধ-১৭ আৰু অনুৰ্ধ-১৫ চেম্পিয়নশ্বিপত অনুৰ্ধ-১৭ ছোৱালীৰ একক খিতাপ অৰ্জন কৰি দুয়োটা মহাদেশীয় খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ হিচাপে পৰিগণিত হৈছিল ।
এতিয়া, ১৫ বছৰীয়া খেলুৱৈগৰাকীৰ হাতত ইতিহাসৰ আন এক নতুন অধ্যায় ৰচনা কৰাৰ সুযোগ আছে। আৰু এটা বিজয়ে তেওঁক যুৱ অলিম্পিকৰ স্বৰ্ণ পদক প্ৰদান কৰিব আৰু তেওঁৰ এই সাফল্যক অধিক বিশেষ কৰি তুলিব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।