Friday, 06 November 2026
লগইন

বিশ্বকাপৰ বাবে কিয় আগতীয়াকৈ অনুশীলন আৰম্ভ কৰিছে শুভমন গিলে?

বিশ্বকাপৰ বাবে গিলৰ প্ৰস্তুতি তুংগত!

নিউজ ডেস্ক : অহা বছৰ অনুষ্ঠিত হ’ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ। দক্ষিণ আফ্ৰিকা, জিম্বাব’ৱে আৰু নামিবিয়াই এই বিশ্বকাপৰ আয়োজন কৰিব। এইবছৰ নিউজিলেণ্ড ছিৰিজৰ জৰিয়তেই বিশ্বকাপৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব বিচাৰিছে শুভমন গিলে। ভাৰতীয় অধিনায়কগৰাকীয়ে দুয়োখন দেশৰ মাজত থকা সাদৃশ্য আৰু একেধৰণৰ পৰিৱেশৰ কথা উল্লেখ কৰিছে। কিয় আগতীয়াকৈ নিউজিলেণ্ডত উপস্থিত হৈ অনুশীলন আৰম্ভ কৰিছে, সেই কাৰণো তেওঁ ব্যাখ্যা কৰিছে।

তথ্য অনুসৰি, অহা বছৰৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব বিশ্বকাপ। তাৰ পূৰ্বে এই বছৰৰ নৱেম্বৰ মাহত নিউজিলেণ্ড ছিৰিজক বিশেষ লক্ষ্য হিচাপে লৈছে শুভমন গিলে। ব’ৰ্ডে প্ৰকাশ কৰা এটা ভিডিঅ’ত তেওঁ কয়, “বিশ্বকাপত আমি যিধৰণৰ পৰিৱেশৰ সন্মুখীন হ’ব লাগিব, ইয়াতো প্ৰায় একেধৰণৰ পৰিৱেশ পোৱা গৈছে। বিশেষকৈ নৱেম্বৰৰ আৰম্ভণিতে। সাধাৰণতে আমি দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড বা অষ্ট্ৰেলিয়াত খেলিবলৈ গ’লে ডিচেম্বৰ বা জানুৱাৰী মাহত ভ্ৰমণ কৰোঁ। কিন্তু বিশ্বকাপ অনুষ্ঠিত হ’ব অক্টোবৰ আৰু নৱেম্বৰ মাহত। সেয়েহে মোৰ ধাৰণা, তাতো একেধৰণৰ পৰিৱেশ থাকিব। আমাৰ বাবে এয়া এক ভাল অভিজ্ঞতা হ’বলৈ গৈ আছে।”

গোটেই দলটোৰ কিছুদিন পূৰ্বেই নিউজিলেণ্ডত উপস্থিত হৈছিল শুভমন গিল। তাত ৰঙা বলৰ ক্ৰিকেটৰ বাবে প্ৰস্তুতি চলাইছে তেওঁ। লগতে পৰিৱেশৰ সৈতেও নিজকে খাপ খুৱাই ল’বলৈ সক্ষম হৈছে। শুভমনে জনাইছে যে নিউজিলেণ্ডত ৰঙা বলৰ ক্ৰিকেট খেলাৰ অভিজ্ঞতা কম হোৱাৰ বাবে তেওঁ প্ৰস্তুতিৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি কৰিব বিচৰা নাই।

শুভমনৰ ভাষ্য, “দলত যোগ দিয়াৰ পূৰ্বে অতিৰিক্ত চাৰিটা-পাঁচটা অনুশীলন ছেছন বিচাৰিছিলোঁ। বিশেষকৈ ৰঙা বলৰ ক্ৰিকেটৰ বাবে। ইয়ালৈ আহি নিজৰ খেলৰ ওপৰত কাম কৰিব বিচাৰিছিলোঁ। ৰঙা বলত কেনেদৰে খেলিব পাৰোঁ, সেয়া পৰীক্ষা কৰি চাব বিচাৰিছিলোঁ। কাৰণ এই দেশত ইয়াৰ পূৰ্বে টেষ্ট ক্ৰিকেট খেলা নাই। ভাৰত ‘এ’ দলৰ হৈ দুখনমান মেচ খেলিছোঁ, কিন্তু টেষ্ট খেলা নাই।”

শেহতীয়াকৈ ভাৰতীয় বেগী বলাৰসকলৰ প্ৰশংসা কৰিছে শুভমন গিলে। তেওঁ কয়, “পিটচত ভাল বাউন্স আছে। অংশুল, আকিব, গুৰনূৰ হওক বা অৰ্শদীপ, আমাৰ বেগী বলাৰসকলে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ যি দক্ষতা আছে, তাত এই পিটচত বলিং কৰাটো সহজ হৈ পৰাৰ কথা।”
##bigupdate #newsupdate #sportsnews #subhmangill #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।