তথ্য অনুসৰি, বিগত ছমাহ ধৰি ৰেচন কাৰ্ড ব্যৱহাৰ নকৰা কাৰ্ডসমূহক 'Silent Ration Card' অৰ্থাৎ নিষ্ক্ৰিয় ৰেচন কাৰ্ড হিচাপে চিহ্নিত কৰা হৈছে। এনে কাৰ্ডৰ সংখ্যা দেশজুৰি প্ৰায় ১.৫ কোটি বুলি উল্লেখ কৰা হৈছে।
ৰেচন কাৰ্ডসমূহ কিয় নিষ্ক্ৰিয় কৰা হৈছে?
চৰকাৰী ৰেচন ব্যৱস্থাৰ পৰা প্ৰকৃত আৰু যোগ্য হিতাধিকাৰীয়েহে যাতে সুবিধা লাভ কৰে, সেই উদ্দেশ্যে এই পৰীক্ষণ চলোৱা হৈছে। বহু ক্ষেত্ৰত একেজন ব্যক্তিৰ নাম একাধিক ৰেচন কাৰ্ডত থকা, হিতাধিকাৰীৰ মৃত্যু হোৱা অথবা হিতাধিকাৰী আন ঠাইলৈ স্থানান্তৰিত হোৱাৰ দৰে কাৰণত ৰেচন কাৰ্ড বহুদিনলৈ ব্যৱহাৰ নোহোৱাকৈ থাকিব পাৰে।
যাৰ বাবে দীৰ্ঘদিন ধৰি ব্যৱহাৰ নকৰা কাৰ্ডসমূহক প্ৰথম পৰ্যায়ত নিষ্ক্ৰিয় বা 'Silent Ration Card' হিচাপে চিহ্নিত কৰি পুনৰ পৰীক্ষাকৰণ আৰম্ভ হৈছে।
তিনিমাহৰ ভিতৰত e-KYC কৰাৰ সুযোগ
নিষ্ক্ৰিয় হিচাপে চিহ্নিত হোৱা ৰেচন কাৰ্ডৰ প্ৰকৃত আৰু যোগ্য হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ ৰখাৰ ব্যৱস্থা কৰা হৈছে। এনে হিতাধিকাৰীসকলে e-KYC সম্পূৰ্ণ কৰি নিজৰ ৰেচন কাৰ্ড পুনৰ সক্ৰিয় কৰাৰ সুযোগ পাব। অৰ্থাৎ কেৱল ছমাহ ধৰি ৰেচন কাৰ্ড ব্যৱহাৰ নকৰাৰ বাবেই প্ৰকৃত হিতাধিকাৰীৰ কাৰ্ড চূড়ান্তভাৱে বাতিল কৰা নহয়। যোগ্য হিতাধিকাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত e-KYC সম্পূৰ্ণ কৰি নিজৰ পৰিচয় আৰু যোগ্যতা নিৰ্ধাৰণ কৰিব পাৰিব।
পৰীক্ষণৰ পাছতে তালিকা সংশোধন কৰা হ'ব
দেশজুৰি চলা এই পৰীক্ষণৰ পাছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাত প্ৰয়োজন সাপেক্ষে সংশোধন কৰা হ'ব। যিসকল হিতাধিকাৰীৰ তথ্যত বিসংগতি আছে তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
এই ব্যৱস্থাৰ ফলত চৰকাৰী খাদ্যশস্যৰ সুবিধা কেৱল যোগ্য লোকসকলৰ মাজত সঠিকভাৱে বিতৰণ কৰাত সহায়ক হ'ব বুলি আশ্বাস ৰখা হৈছে।
ভুৱা হিতাধিকাৰীক লক্ষ্য কৰা হ'ব
এই বিশেষ অভিযানটোৰ লক্ষ্য হৈছে ভুৱা হিতাধিকাৰী আৰু অযোগ্য ৰেচন কাৰ্ড চিনাক্ত কৰি তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ৰেচন কাৰ্ড ব্যৱস্থাত থকা ভুল বা পুৰণি তথ্য সংশোধন কৰাৰ উপৰিও প্ৰকৃত হিতাধিকাৰীৰ তথ্য আপডেট কৰা হ'ব।
ৰেচন কাৰ্ড নিষ্ক্ৰিয় হ'লে কি কৰিব?
কোনো প্ৰকৃত হিতাধিকাৰীৰ ৰেচন কাৰ্ড নিষ্ক্ৰিয় বুলি চিহ্নিত হ'লে আতংকিত হোৱাৰ প্ৰয়োজন নাই। সংশ্লিষ্ট হিতাধিকাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত e-KYC সম্পূৰ্ণ কৰাৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰ দেখুৱাই নিজৰ কাৰ্ড পুনৰ সক্ৰিয় কৰাৰ বাবে আবেদন কৰিব পাৰিব।
সেয়েহে কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে নিজৰ কাৰ্ডৰ স্থিতি পৰীক্ষা কৰি লোৱাটো প্ৰয়োজনীয়। বিশেষকৈ বিগত কেইবামাহো ৰেচন গ্ৰহণ নকৰা পৰিয়ালসমূহে e-KYC সম্পূৰ্ণ হৈছে নে নাই, সেই বিষয়ে নিশ্চিত হোৱাটো অতি জৰুৰী।
উল্লেখ্য যে, দেশজোৰা এই পৰীক্ষণৰ মূল লক্ষ্য হৈছে ৰেচন ব্যৱস্থাক অধিক স্বচ্ছ কৰা আৰু চৰকাৰী সুবিধা প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ নিশ্চিত কৰা। সেয়ে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে নিজৰ নাম, পৰিয়ালৰ সদস্যৰ তথ্য, আধাৰ সংযোগ আৰু e-KYCৰ স্থিতি পৰীক্ষা কৰি ৰখাটো প্ৰয়োজনীয়।
এই ব্যৱস্থাত প্ৰকৃত হিতাধিকাৰীৰ কাৰ্ড নিষ্ক্ৰিয় হ'লেও নিৰ্ধাৰিত সময়ৰ ভিতৰত e-KYC আৰু প্ৰয়োজনীয় নথি-পত্ৰৰ জৰিয়তে পুনৰ সক্ৰিয় কৰাৰ সুবিধা প্ৰদান কৰা হ'ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।