শিশুসহ ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বৰ্তমানলৈকে কেইবাজনো সন্ধানহীন হৈ আছে জানিব পৰা গৈছে। ইফালে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে ।
বৈশালীৰ আৰক্ষী অধীক্ষক শুভংক মিশ্ৰই জনায় যে, সিংঘেশ্বৰ ৰায় নামৰ এজন ব্যক্তিৰ 'শ্ৰাদ্ধৰ' ভোজত অংশ ল’বলৈ নাওখনত গৈছিল এটা দলে । সেই সময়তে গণ্ডকৰ নদীৰ পৰা অহা ঢলৰ বাবে নদীখন ওফন্দি উঠে । সেই সময়তে নাওখন বুৰি যায় । ফলত নাওখনত থকা শিশুসহ ২৫-৩০জনকৈ লোক নৈ বুকুত ডুব যায়।
বিষয়াসকলে জনোৱা মতে, সকলো ভুক্তভোগীয়েই ৰামপুৰ শ্যামচান্দ গাঁৱৰ ভগতন টোলাৰ বাসিন্দা আছিল । ঘটনাৰ পাছতে কিছু লোকক গাঁৱৰ মানুহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
ইফালে বৈশালীৰ জিলা দণ্ডাধীশ বৰ্ষা সিং আৰু আৰক্ষী অধীক্ষক (SP) শুভংক মিশ্ৰই ঘটনা স্থলীত উপস্থিত থাকি তালাচী আৰু উদ্ধাৰ অভিযান পৰ্যবেক্ষণ কৰে।
উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত কিছুমানৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে আৰু তেওঁলোকক এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ লৈ যোৱা হৈছে । পাটনাৰ নালন্দা মেডিকেল কলেজ আৰু হাস্পতালত ছয়টাকৈ শিশুৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে ।
বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকলৈ গভীৰ শোক প্ৰকাশ কৰে । তেওঁ প্ৰতিজন মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।
ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত এটা পোষ্ট কৰি সম্ৰাটে কয়, "বৈশালীৰ ৰাঘোপুৰত নাও দুৰ্ঘটনাত নিষ্পাপ জীৱন হেৰুওৱাৰ খবৰটো অত্যন্ত হৃদয়বিদাৰক আৰু মৰ্মান্তিক। এই কঠিন সময়ত শোকাৱহ পৰিয়ালসমূহলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ভগৱানে প্ৰয়াত আত্মাসমূহক শান্তি প্ৰদান কৰক আৰু পৰিয়ালবৰ্গক এই অপৰিসীম দুখ সহ্য কৰিবলৈ শক্তি দিয়ক।"
সম্ৰাটে লগতে কয়, "ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্য (এককালীন অনুদান) প্ৰদান কৰিব। প্ৰশাসনক সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ আৰু আহতসকলৰ উন্নত চিকিৎসা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।"
ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।