Friday, 06 November 2026
লগইন
ব্ৰেকিং

৪১ নং মহলাৰ বাৰান্দাৰ পৰা জাপ দি ২৮ বছৰীয়া যুৱকৰ চৰম পন্থা! কি ঘটিছিল নয়ডাৰ ছেক্টৰ ৯৪ স্থিত ছুপাৰন'ভা অট্টালিকাত?

কি ঘটিছিল নয়ডাৰ ছেক্টৰ ৯৪ স্থিত ছুপাৰন'ভা অট্টালিকাত?

নয়ডাৰ ছেক্টৰ ৯৪ত থকা ছুপাৰনভা নামৰ এটা অট্টালিকাৰ ৪১ নম্বৰ মহলাৰ বেলকনিৰ পৰা জপিয়াই এগৰাকী ২৮ বছৰীয়া যুৱকে চৰম পন্থা বাচি লয়। শনিবাৰে এই কৰুণ ঘটনাটো সংঘটিত হয়। 

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, মৃত ব্যক্তিজন সম্ভৱ জৈন বুলি চিনাক্ত কৰা হৈছে। তেওঁ হাৰিয়ানাৰ IMT মানেচৰ, ছেক্টৰ-১, মানেচৰৰ GH-52, IMT ভিউ CGHS ৰ টাৱাৰ এ-ৰ বাসিন্দা। 

ঘটনাটো ঘটাৰ পূৰ্বে ওচৰৰে এটা ফ্লেটত AC মেৰামতি কৰা দল এটাই কাম কৰি আছিল। দলটোৱে সম্ভৱতঃ বেলকনিৰ ৰেলিঙৰ পৰা যুৱকজনক ওলমি থকা প্ৰত্যক্ষ কৰি তেওঁক বচাবলৈ চেষ্টা কৰিছিল। তললৈ জঁপিয়াই পৰাৰ পূৰ্বে জৈনে মেৰামতি কৰা কৰ্মীসকলক তেওঁ হতাশাত ভুগি থকা বুলি কৈছিল বুলি অভিযোগ উত্থাপন হৈছে।

নয়দা আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰে যে, তেওঁলোকে শনিবাৰে পুৱা এটা মৃতদেহৰ সন্দৰ্ভত তথ্য লাভ কৰিছিল। আৰক্ষীৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে জনোৱা মতে, জৈন নামৰ যুৱকজনে নয়ডাৰ ছেক্টৰ ৯৪-ত থকা ছুপাৰন'ভা বিল্ডিঙৰ এটা Airbnb ৰূমত অকলশৰে এদিন থকাকৈ আহিছিল। 

আৰক্ষীৰ মতে, যুৱকজনে আত্মহত্যা কৰাৰ উদ্দেশ্যে কোঠাটোৰ বেলকনিৰ ৰেলিঙৰ পৰা জাপ দিছিল।

তথ্য অনুসৰি, 'ইনকুৱেষ্ট ৰিপৰ্ট' প্ৰস্তুত কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ কাৰ্যসূচী চলাই থকা হৈছে। আৰক্ষী বিষয়া আৰু এফ.এচ.এল. দলে ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰিছে।

ঘটনাৰ স্থান আৰু ইয়াৰ কাষৰীয়া অঞ্চলত সংস্থাপন কৰা CCTVৰ ফুটেজসমূহো পৰীক্ষা কৰা হৈছে, আনহাতে গোচৰটোৰ সকলো দিশ পুংখানুপুংখভাৱে তদন্ত কৰা হৈছে।

"ঘটনাৰ সময়ত ওচৰে-পাজৰে উপস্থিত থকা লোকসকলক সোধা-পোছা কৰাৰ সময়ত জানিব পৰা গৈছে যে, মৃত যুৱকজন যথেষ্ট মানসিক চাপত আছিল। মৃতদেহৰ পৰিয়ালৰ লোকসকলক অৱগত কৰা হৈছে আৰু নিয়ম অনুসৰি পৰৱৰ্তী আইনী ব্যৱস্থা নিশ্চিত কৰা হৈছে" বুলি আৰক্ষীয়ে সদৰী কৰে
##bigupdate#lastestupdate#newsupdate#tragicincident#noida

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।