Monday, 09 November 2026
লগইন
ব্ৰেকিং

ফটকাৰ প্ৰদূষণৰ পৰা সকাহ দিয়াত ব্যৰ্থ সংস্থাসমূহ! দিল্লীত বিষাক্ত বায়ু

দিল্লীত স্বচ্ছতাৰ অভাৱ!

নিউজ ডেস্ক : দিৱালী বুলিলেই দিল্লী-এনচিআৰ (Delhi-NCR) অঞ্চলৰ বাবে প্ৰদূষণৰ ছবিখনেই মনলৈ আহে। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ থকাৰ পিছতো, এই নিয়মসমূহৰ ৰূপায়ণ দিল্লীত ফুটুকাৰ ফেনত পৰিণত হ'ল।

এনে পৰিস্থিতিত প্ৰদূষণ নিয়ন্ত্ৰণৰ দায়িত্বত থকা সংস্থাসমূহৰ দায়িত্ব বহুগুণে বৃদ্ধি পায়। 

কিন্তু দিল্লীত ফটকা ফুটোৱা বন্ধ কৰিবলৈ যিদৰে কোনো নাছিল, ঠিক সেইদৰে এনেকুৱা লাগিছে যেন সংস্থাসমূহ হয় অপ্ৰস্তুত আছিল অথবা দীপাৱলীৰ প্ৰদূষণৰ তথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছ নাছিল।

তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ৰাজধানীৰ বহুতো এলেকা গ্ৰহণযোগ্য প্ৰদূষণৰ মাত্ৰাতকৈ কেইবা গুণো বেছি আছিল। আৰ কে পুৰম আৰু লাজপত নগৰৰ সমীপৱৰ্তী নেহৰু নগৰৰ দৰে এলেকাসমূহ নিশা ৯ বজালৈকে আটাইতকৈ বেছি প্ৰদূষিত হৈ আছিল।

এই সকলোবোৰ অঞ্চলতে প্ৰদূষণৰ গ্ৰাফ কেনেকৈ তীব্ৰতৰভাৱে ঊৰ্ধমুখী হৈছিল, সেয়া প্ৰকৃত সময়ৰ ডাটাত ভালদৰে প্ৰদৰ্শিত হৈ আছিল। কিন্তু হঠাৎ দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ ৱেবছাইটটোৱে পৰৱৰ্তী কেইটামান ঘণ্টাৰ বাবে আৰ.কে. পুৰম, নেহৰু নগৰ, মুণ্ডকা, ছোনিয়া বিহাৰ আৰু দ্বাৰকাকে ধৰি বহুকেইটা ষ্টেচনৰ ৰিয়েল-টাইম ডাটা যোগান ধৰা বন্ধ কৰি দিয়ে। অন্যান্য ষ্টেচনবোৰেও এই ট্ৰেণ্ডটো অনুসৰণ কৰিছিল।

কিন্তু যেতিয়া আৱাসিক এলেকাৰ প্ৰদূষণ জুখিব পৰা কেন্দ্ৰসমূহে বাস্তৱ সময়ৰ তথ্য যোগান ধৰাটো বন্ধ কৰি দিলে, তেতিয়া তুলনামূলকভাৱে কম প্ৰদূষিত কিছুমান এলেকাই এই কথা পোহৰলৈ আনিলে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা নীতি-নিৰ্দেশনা সত্ত্বেও সংস্থাসমূহে ফটকাৰ প্ৰদূষণৰ পৰা সকাহ দিয়াত কেনেকৈ ব্যৰ্থ হৈছে।

শেহতীয়াকৈ দক্ষিণ দিল্লীৰ তুলনামূলকভাৱে কম জনবসতিপূৰ্ণ অঞ্চলত অৱস্থিত JNUৰ আন এটা ষ্টেচনত PM2.5 ৰ ঘনত্ব হঠাতে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নিশা ৮ বজালৈকে JNU ত এই সূক্ষ্ম ধূলিকণাৰ ঘনত্ব প্ৰতি ঘনমিটাৰত মাত্ৰ ১৬১ মাইক্ৰ’গ্ৰাম আছিল।

RK Puram-ৰ ওচৰ-চুবুৰীয়া অঞ্চলত একে সময়তে এই ঘনত্ব তিনি গুণতকৈও অধিক হৈ ৫০৪ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰ (µg/m³) হয়। আৰ কে পুৰম ষ্টেচনে ৰাতি ৯ বজাৰ পিছত তথ্য দেখুওৱা বন্ধ কৰি দিয়ে, যেতিয়া ই ৯২৪ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰলৈ বৃদ্ধি পাইছিল; অৰ্থাৎ মাত্ৰ এঘণ্টাতে ই প্ৰায় দুগুণ হৈ পৰে।

দেৱালীৰ নিশা ১১ বজাত JNU-ৰ অনলাইনত উপলব্ধ থকা ডাটা অনুসৰি PM 2.5-ৰ ঘনত্ব ৭৮৬ স্পৰ্শ কৰিছিল, যিটো আছিল নিশা ৮ বজাৰ ঘনত্বৰ তুলনাত প্ৰায় ৫ গুণ বেছি। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে নীতি-নিৰ্দেশনাসমূহ অতি দুৰ্বলভাৱে কাৰ্যকৰী কৰা হৈছিল আৰু প্ৰদূষণৰ মাত্ৰা চৰম পৰ্যায়ত থকা অতি গুৰুত্বপূৰ্ণ সময়ছোৱাত সংস্থাবোৰে কেনেকৈ অনলাইন ডাটা যোগান ধৰাটো বন্ধ কৰি দিয়ে।

এইয়া কেৱল এই বছৰৰে কাহিনী নহয়

যিসকলে নিয়মিতভাৱে দীপাৱলীৰ সন্ধিয়া ৱেবছাইটটো অনুসৰণ কৰে, তেওঁলোকৰ বাবে অনলাইন তথ্য হঠাৎ বন্ধ হৈ যোৱাটো কোনো আচৰিত কথা নহয়। প্ৰদূষণৰ দৃষ্টিকোণৰ পৰা বছৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ধিয়াটোত সাধাৰণ জনক তথ্য যোগান নধৰাটো এটা স্বাভাৱিক কাম।

এই ৱেবছাইটটো, যিখন DPCC ৰ দ্বাৰা পৰিচালিত আৰু দিল্লী চৰকাৰৰ পৰিৱেশ বিভাগৰ অধীনত আহে, পূৰ্বৰ দেৱালীৰ সন্ধিয়াও প্ৰায়েই তথ্য প্ৰদান কৰা বন্ধ কৰি দিয়ে।গতিকে দেৱালীৰ সন্ধিয়া সংস্থাবোৰে হঠাত অনলাইন ডাটা দিয়া বন্ধ কৰি দিয়াৰ প্ৰৱণতাটো এই বছৰো অব্যাহত থাকিল। 

তথ্য পঞ্জীয়ন নোহোৱাৰ বাবে সাধাৰণতে তেওঁলোকে কাৰিকৰী বিজুতি বা 'টেকনিকেল গ্লিচ'ক জগৰীয়া কৰে। কিন্তু আচৰিত কথাটো হ’ল, বৰ্তমান বা পূৰ্বৰ যি দলেই শাসনত নাথাকক কিয়, এই কাৰিকৰী বিজুতিবোৰে সদায় চৰকাৰক সুৰক্ষা কৱচ হিচাপে সহায় কৰি আহিছে।
##bigupdate #newsupdate #weather #delhiair #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।