Monday, 09 November 2026
লগইন

পাষৱিক, নিন্দনীয় !গণধৰ্ষণৰ বলি হোৱা নাবালিকাৰ মৃত্যু

নাবালিকাক গণধৰ্ষণ

নিউজ ডেস্ক: এগৰাকী ১৬ বছৰীয়া দলিত নাবালিকাক তিনিজন ব্যক্তিয়ে গণধৰ্ষণ কৰি পেলাই থৈ যায়। ১ নৱেম্বৰত সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আহত হয় নাবালিকাগৰাকী। ডিঙিত আঘাত পোৱাৰ লগতে তেওঁৰ হনু আৰু হাতৰ হাড় ভাঙি গৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এখন চিকিৎসালয়ত ১০ দিন ধৰি জীৱন-মৃত্যুৰে যুঁজ দিয়াৰ পিছত শুক্ৰবাৰে মৃত্যু হয় নাবালিকাগৰাকীৰ।

তথ্য অনুসৰি, দেওবাৰে নিশা এখন খেতিপথাৰৰ কাষৰ পৰা প্ৰায় অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল নাবালিকাগৰাকীক। তেওঁৰ ডিঙিৰ হাড় ভাঙি গৈছিল। হনু আৰু হাতৰ হাড় দুডোখৰকৈ ভাঙি গৈছিল। মৃত নাবালিকাগৰাকীৰ পৰিয়ালৰ এজন সদস্যই অভিযোগ কৰি কয়, ‘‘তাইক গণধৰ্ষণ কৰাৰ লগতে নিৰ্মম অত্যাচাৰ কৰি মৃত্যুৰ বাবে পেলাই থৈ গৈছিল। ভেণ্টিলেটৰৰ সহায়ত কেইবাদিনো জীয়াই ৰখা হৈছিল। কিন্তু মৃত্যুৰ পূৰ্বে আৰক্ষীয়ে তাইৰ জবানবন্দী ল’ব নোৱাৰিলে।’’

১ নৱেম্বৰত মৃত নাবালিকাগৰাকীৰ পিতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিতেই ২০, ২১ আৰু ২৮ বছৰীয়া তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ফিৰোজাবাদ থানাৰ এছ এছ পি আদিত্য লংগেশে কয়, ‘‘তিনিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটোৰ তদন্ত শীঘ্ৰে সম্পূৰ্ণ কৰি গেংষ্টাৰ আইনৰ অধীনত তেওঁলোকৰ ঘৰ-বাৰী তালাচী চলোৱা হ’ব আৰু উপযুক্ত তথ্য-প্ৰমাণসহ আদালতত হাজিৰ কৰোৱা হ’ব।’’

লগতে তেওঁ জনায় যে, তিনিওজন অভিযুক্তৰ বিৰুদ্ধে পকছ’ (POCSO) আইনৰ লগতে ভাৰতীয় ন্যায় সংহিতাৰ (BNS) অন্যান্য প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তিনিও অভিযুক্তৰ ভিতৰত এজন নাবালিকাগৰাকীৰ পৰিচিত আছিল। সেই ব্যক্তিজনেই নাবালিকাগৰাকীক ঘটনাস্থলীলৈ মাতি পঠিয়াইছিল।

তদন্তকাৰী এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি, ‘‘ঘটনাৰ সময়ত নাবালিকাগৰাকীয়ে বাধা দিয়াৰ বাবে অভিযুক্তসকলে তেওঁৰ হাত আৰু মুখ জোৰেৰে চেপি ধৰিছিল। সেই হেঁচাৰ ফলতেই ডিঙি, হনু আৰু হাতৰ হাড় ভাঙি গৈছিল। নাবালিকাগৰাকীৰ মৃত্যু হোৱা বুলি ভাবি অভিযুক্তসকলে তেওঁক সেই অৱস্থাতে পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ১ নৱেম্বৰৰ নিশাই দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনজনক পিছদিনা গ্ৰেপ্তাৰ কৰা হয়।’’
##bigupdate #newsupdate #uttarpradesh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।