নিউজ ডেস্ক : পৰম্পৰা অক্ষুণ্ণ ৰাখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ১৩সংখ্যক বছৰতো দিল্লীৰ বাহিৰত জোৱানসকলৰ সৈতে তেওঁ দীপাৱলী উদযাপন কৰিলে । এইবাৰ তেওঁ বাছি ল’লে বস্তৰক, যিখন এসময়ত মাওবাদীসকলৰ ঘাটি আছিল। তাত থিয় হৈয়েই প্ৰধানমন্ত্ৰীয়ে পুনৰ এবাৰ ‘দিমাগী নক্সাল’ক লৈ সতৰ্কবাণী প্ৰদান কৰে। তেওঁ জনায় যে দেশৰ পৰা সশস্ত্ৰ মাওবাদীসকলক নিৰ্মূল কৰা হৈছে। কিন্তু ‘দিমাগী নক্সাল’সকলে এতিয়াও মানুহক সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে প্ৰৰোচিত কৰি আহিছে।
দেওবাৰৰ পুৱা দীপাৱলীৰ দিনা বস্তৰত উপস্থিত হয় মোদী। তাত জোৱানসকলৰ সৈতে মত বিনিময় কৰে তেওঁ। ইয়াৰ পিছতে ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এইবাৰৰ দীপাৱলী সঁচাকৈয়ে বিশেষ। দীৰ্ঘদিন ধৰি মাওবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে দেশে চলোৱা যুঁজত জয়ী হোৱাৰ পিছত এয়া প্ৰথম দীপাৱলী। দেশৰ প্ৰতিখন জিলাই মাওবাদীমুক্ত হোৱাৰ পিছত এয়া প্ৰথম দীপাৱলী। আমাৰ দেশৰ কোটি কোটি নাগৰিকে মাওবাদীৰ আতংকৰ পৰা মুক্তি পোৱাৰ পিছত এয়া প্ৰথম দীপাৱলী।’’
ইয়াৰ পিছতে মোদীৰ ভাষণত পুনৰ শুনা যায় ‘দিমাগী নক্সাল’ক লৈ সেই সতৰ্কবাণী, যিটো তেওঁ লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণতো দিছিল।
দেওবাৰে মোদীয়ে কয়, ‘‘বন্ধুসকল, এই সফলতাৰ মাজতে এটা কথা মনত ৰাখিব লাগিব। সশস্ত্ৰ মাওবাদীসকল নিৰ্মূল হ’লেও দিমাগী নক্সালসকলে বহু সংগঠনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে। এতিয়াও তেওঁলোকে মানুহক সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে উচটনি দি আহিছে। কেইবাটাও ৰাজনৈতিক দল আৰু সংগঠনতো তেওঁলোকে প্ৰৱেশ কৰিছে। তেওঁলোকক চিনাক্ত কৰি পৰাস্ত কৰাৰ জৰিয়তে দেশৰ নিৰাপত্তা নিশ্চিত কৰা উচিত।’’
দেওবাৰে পুৱা এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে লিখে, ‘‘আমাৰ সাহসী নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ বস্তৰলৈ গৈ আছোঁ। এয়া সেই অঞ্চল, যিটো এসময়ত মাওবাদীসকলৰ দখলত আছিল। আজি তাত উন্নয়নৰ জোৱাৰ উঠিছে। মই সেই সাহসী জোৱানসকলৰ বলিদান, আত্মত্যাগ আৰু তপস্যাক সন্মান জনাবলৈ গৈ আছোঁ।’’
২০১৪ চনত প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী। তাৰ পিছৰে পৰা এটাও দীপাৱলীত দিল্লীৰ চৰকাৰী বাসভৱনত থকা নাই তেওঁ। দেশৰ বিভিন্ন সীমান্ত অঞ্চললৈ গৈ জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ উদযাপন কৰি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে— কেতিয়াবা ছিয়াচেনত, কেতিয়াবা কাৰ্গিলত, আন কেতিয়াবা সাগৰৰ মাজত যুদ্ধবিমান পৰিবাহী জাহাজত। এইবাৰ বস্তৰত জোৱানসকলৰ সৈতে তেওঁ দীপাৱলী উদযাপন কৰে।
উল্লেখ্য যে, অতীতত ছত্তীশগড়ৰ এই বস্তৰত কোনো প্ৰশাসক, নেতা-মন্ত্ৰীয়ে ভৰি দিবলৈও ভয় কৰিছিল। বছৰ বছৰ ধৰি অঞ্চলটোত মাওবাদীসকলৰ আধিপত্য চলিছিল। এটাৰ পিছত এটাকৈ বিদ্যালয়, ৰাস্তা আৰু আৰক্ষী থানা বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ অভিযোগ উঠিছিল তেওঁলোকৰ বিৰুদ্ধে। মাওবাদীসকলৰ হাতত প্ৰাণ হেৰুৱাইছিল বহু সাধাৰণ নাগৰিক, নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে। আনকি স্থানীয় বাসিন্দাসকলকো পণবন্দী কৰা হৈছিল।
সংসদত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহত দেশত মাওবাদী অধ্যুষিত জিলাৰ সংখ্যা শূন্যলৈ নামি আহিছে। এইবাৰ সেই বস্তৰলৈ গৈ দীপাৱলী উদযাপন কৰিলে মোদীয়ে, যিটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। চৰকাৰ যে মাওবাদী দমন অভিযানত আৰম্ভণিৰে পৰাই জোৱানসকলৰ কাষত আছে, সেই বাৰ্তা দিবলৈকে মোদীয়ে বস্তৰ ভ্ৰমণ কৰা বুলি ধাৰণা কৰা হৈছে।
যোৱা ৩১ মাৰ্চৰ ভিতৰত দেশখনক মাওবাদীমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। তাৰ পূৰ্বে ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰত বৃহৎ সংখ্যাত মাওবাদীয়ে আত্মসমৰ্পণ কৰা দেখা গৈছিল। অৱশ্যে যোৱা মে’ মাহত ছত্তীশগড়তে আইইডি বিস্ফোৰণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল নিৰাপত্তাৰক্ষীসকলে। যোৱা জুলাই মাহত সংসদত মাওবাদী কাৰ্যকলাপৰ বিৰুদ্ধে দেশৰ সামগ্ৰিক পৰিস্থিতিৰ তথ্য দাঙি ধৰিছিল কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে জনাইছিল যে দেশৰ কোনো জিলাই এতিয়া মাওবাদী অধ্যুষিত হৈ থকা নাই।
পৰিসংখ্যা দাঙি ধৰি তেওঁ জনায় যে ২০১৮ চনৰ এপ্ৰিল মাহত মাওবাদী অধ্যুষিত জিলাৰ সংখ্যা ১২৬খনৰ পৰা ৯০খনলৈ হ্ৰাস পাইছিল। ইয়াৰ পিছত ২০২১ চনৰ জুলাই মাহত সেই সংখ্যা ৭০খনলৈ নামি আহে। ২০২৪ চনৰ এপ্ৰিল মাহত এনে জিলাৰ সংখ্যা ৩৮খন হয়। পৰৱৰ্তী সময়ত ২০২৫ চনৰ ডিচেম্বৰ মাহত সেই সংখ্যা ৮খনলৈ হ্ৰাস পায়। চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহত মাওবাদী অধ্যুষিত জিলাৰ সংখ্যা ‘শূন্য’লৈ নামি আহে।
কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে লগতে জনায় যে বৰ্তমান ৩৭খন জিলাক ‘লিগেচি এণ্ড থ্ৰাষ্ট’ (Legacy and Thrust) হিচাপে চিহ্নিত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বক্তব্য অনুসৰি, এই জিলাসমূহৰ কোনোটোৱেই বৰ্তমান মাওবাদী অধ্যুষিত নহয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।