উল্লেখ্য যে, চূড়ান্ত ফলাফল অনুসৰি, বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই মুঠ ৭,১৪,৩৪৯ টা ভোট লাভেৰে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে বদৰুদ্দিন আজমলে ৫,৭২,১২৫ টা ভোট লাভ কৰে। যাৰ ফলত আজমলক ১,৪২,২২৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি দেৱাশীষ শৰ্মাই জয়ৰ মুকুট পৰিধান কৰে।
আনহাত, কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰদৰ্শনো নিৰাশজনক আছিল। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মুঠ ১,২৯,৪৯২ টা ভোট লাভ কৰে। বিজেপিৰ বিজয়ী প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ তুলনাত ৫,৮৪,৮৫৭ টা ভোটৰ ব্যৱধানত পিছপৰি থাকে শিৱামনি বৰা।
তথ্য অনুসৰি, নগাঁও উপ-নিৰ্বাচনৰ এই ফলাফলে নিৰ্বাচনী ৰাজনীতিত বিশেষ চৰ্চাৰ সৃষ্টি কৰিছে। বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰি বিজেপিৰ দেৱাশীষ শৰ্মাই নিজৰ শক্তিশালী স্থিতি প্ৰমাণ কৰাৰ সমান্তৰালভাৱে AIUDF প্ৰধান বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ শিৱামনি বৰাৰ পৰাজয়ে ৰাজনৈতিক ক্ষেত্ৰখনত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
শুক্ৰবাৰৰ চূড়ান্ত ফলাফল
বিজেপি- দেৱাশীষ শৰ্মা : ৭,১৪,৩৪৯ টা ভোট
AIUDF- বদৰুদ্দিন আজমল : ৫,৭২, ১২৫ টা ভোট
কংগ্ৰেছ- শিৱামনি বৰা : ১,২৯, ৪৯২ টা ভোট
দেৱাশীষ শৰ্মাৰ জয়ৰ ব্যৱধান : ১,৪২,২২৪ টা ভোট
শিৱামনি বৰাৰ সৈতে ভোটৰ ব্যৱধান : ৫,৮৪, ৮৫৭ টা ভোট

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।