Saturday, 07 November 2026
লগইন
ব্ৰেকিং

১০ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে চলিব লোকপিয়ল

ডেৰমাহ ধৰি চলিব লোকপিয়ল

নিউজ ডেস্ক : পূৰ্বৰ লোকপিয়লসমূহৰ তুলনাত এইবাৰৰ লোকপিয়ল দীঘলীয়া হ’ব। এইবাৰ ইয়াৰ সময়সীমা ১০ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে প্ৰায় ডেৰ মাহ জুৰি চলিব । য’ত ১৫ দিনীয়া স্ব-গণনাৰ (self-enumeration) সময়ছোৱাও অন্তৰ্ভুক্ত থাকিব। ইয়াৰ বিপৰীতে, পূৰ্বৰ দ্বিতীয় পৰ্যায়ৰ গণনা সাধাৰণতে ৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে ২০ দিনীয়া আছিল।
তথ্য অনুসৰি, আগন্তুক নিৰ্বাচন হ’বলগীয়া ৰাজ্যসমূহ ক্ৰমে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু পঞ্জাৱৰ বাবে পূৰ্বতে ঘোষণা কৰা ঘৰে ঘৰে গৈ কৰা জনসংখ্যা গণনাৰ সময়সূচীও ৩৫ দিনীয়া কৰা হৈছে । এই দীঘলীয়া সময়সীমাৰ কাৰণ ২০২৭ চনৰ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত প্ৰশ্নৰ সংখ্যা বৃদ্ধি পোৱাৰ সৈতে জড়িত হ’ব পাৰে। ২০১১ চনৰ লোকপিয়লত য’ত ২৯ টা প্ৰশ্ন আছিল, এইবাৰ জাতিভিত্তিক প্ৰশ্নকে ধৰি প্ৰশ্নৰ সংখ্যা ৪০ টালৈ বৃদ্ধি কৰা হৈছে।

মণিপুৰত বৰ্তমানলৈকে কোনো লোকপিয়ল ঘোষণা কৰা হোৱা নাই। ৰাজ্যখনৰ বিভিন্ন পক্ষই প্ৰথমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) উন্নীতকৰণৰ দাবী উত্থাপন কৰাৰ পিছতে মণিপুৰত লোকপিয়লৰ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে।
শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি, সমগ্ৰ দেশজুৰি ২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে জনসংখ্যাৰ লোকপিয়ল অনুষ্ঠিত হ’ব।

 অৱশ্যে ইয়াৰ ব্যতিক্ৰমসমূহ হ’ল— মণিপুৰ (পৰৱৰ্তী ঘোষণা নোহোৱালৈকে); অহা বছৰৰ আৰম্ভণিতে হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ সময় নিৰ্ধাৰণ কৰা নিৰ্বাচনমুখী ৰাজ্যসমূহ যেনে গোৱা, উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু উত্তৰাখণ্ড; আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ তথা হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলসমূহ, য’ত ইতিমধ্যে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।
##bigupdate #newsupdate #census # latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।