Friday, 06 November 2026
লগইন
ব্ৰেকিং

৬,০০০ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে আগুৰি ধৰিছে চেন্ট্ৰেল পাৰ্ক

প্ৰতিবাদত ভাগ নলব- আৰক্ষী

নিউজ ডেস্ক : ক’কৰোচছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে আহ্বান জনোৱা ‘লেহৰা দো তিৰংগা’ সমদলৰ বাবে ১৬ আৰু ১৭ অক্টোবৰত কনট প্লেচৰ চেন্ট্ৰেল পাৰ্ক সাধাৰণ জনতাৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছিল ।

ইফালে সমদলৰ পূৰ্বে আৰক্ষীয়ে প্ৰতিবাদকাৰী আৰু ৰাইজক এনেধৰণৰ সমাৱেশৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল । ইফালে কনট প্লেচ আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহত BNSS-ৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

আৰক্ষীয়ে লগতে কয় যে ,এক উপযুক্ত স্থানত সীমিত সংখ্যক লোককে ৰাষ্ট্ৰীয় পতাকা কঢ়িয়াই নিবলৈ আৰু ৰাষ্ট্ৰীয় সংগীত গাবলৈ সুবিধা কৰি দিব পৰা যাব।

দিল্লী ট্ৰেফিক আৰক্ষীয়ে এক পৰামৰ্শৱলীত জনাইছে যে, শুকুৰবাৰে বিয়লি ৩ বজাৰ পৰা ককৰোচ্ছ জনতা পাৰ্টীৰ দ্বাৰা কনট প্লেচৰ চেন্ট্ৰেল পাৰ্কত এক প্ৰস্তাৱিত সমাৱেশৰ পৰিপ্ৰেক্ষিতত কনট প্লেচ আৰু ইয়াৰ আশে-পাশে থকা কিছুমান পথত যান-বাহন চলাচল প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । এক্সত এটা পোষ্টত দিল্লী ট্ৰেফিক আৰক্ষীয়ে কয়, শুকুৰবাৰে নতুন দিল্লীৰ কনট প্লেচৰ চেন্ট্ৰেল পাৰ্কত এক প্ৰস্তাৱিত সমাৱেশৰ বাবে কনট প্লেচ আৰু ইয়াৰ আশে-পাশে থকা কিছুমান পথত বিয়লি ৩ বজাৰ পৰা যান-বাহন চলাচল প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।”

ইফালে CJP-য়ে ৰাইজক ৰাষ্ট্ৰীয় পতাকা হাতত লৈ সন্ধিয়া ৫ বজাত পাৰ্কখনত একত্ৰিত হ’বলৈ আহ্বান জনাইছে। আম আদমি পাৰ্টীয়েও ইয়াৰ কৰ্মী, সমৰ্থক আৰু সাধাৰণ ৰাইজক বৃহৎ সংখ্যাত ওলাই আহিবলৈ আহ্বান জনাইছে । পৰিকল্পিত সমাৱেশৰ পূৰ্বে দিল্লী আৰক্ষীয়ে ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে, য’ত প্ৰায় ৬,০০০ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে ।

ইয়াৰ উপৰিও, চোৰাংচোৱা ব্যৱস্থা শক্তিশালী কৰিবলৈ অডিঅ’ আৰু ভিডিঅ’ ৰেকৰ্ডিং ক্ষমতা থকা অতিৰিক্ত ৩০ ৰ পৰা ৩৫ টা কেমেৰা স্থাপন কৰা হৈছে।
##bigupdate #newsupdate #politicalnews #cjp #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।