Saturday, 07 November 2026
লগইন

উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

কি নিৰ্দেশ দিলে মুখ্য নিৰ্বাচনী বিষয়াই?

নিউজ ডেস্ক: SIRৰ পাছত প্ৰকাশিত ভোটাৰ তালিকাত গুৰুতৰ ত্ৰুটি ধৰা পৰাৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াই দেওবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশ অনুসৰি, বিগত ১০ এপ্ৰিলত প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাৰ পিছৰ পৰা কম্পিউটাৰ অপাৰেটৰসকলে কৰা সকলো প্ৰবিষ্টি পুনৰ পৰীক্ষা কৰা হ'ব। ইয়াৰোপৰি ভৱিষ্যতে যিকোনো ডিজিটেল আবেদন কেৱল বুথ পৰ্যায়ৰ বিষয়া সকলৰ দ্বাৰা হে দাখিল কৰা হ'ব আৰু কোনো বহিঃউৎসৰ কম্পিউটাৰ অপাৰেটৰে এই কাম কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে।

এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে যে, "কোনো পৰিস্থিতিতে ভৌতিক আবেদন প্ৰপত্ৰসমূহ কম্পিউটাৰ সহায়কৰ দ্বাৰা পঞ্জীয়ন বা এণ্ট্ৰি কৰা উচিত নহয়। এয়াও নিশ্চিত কৰিব লাগিব যে, প্ৰাপ্ত কৰা সকলো ভৌতিক প্ৰপত্ৰ কেৱল BLO ৰ দ্বাৰা BLO Appৰ জৰিয়তেহে ডিজিটেলাইজ কৰা হয়। নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলে দৈনিক ভিত্তিত অমীমাংসিত হৈ থকা সকলো ফৰ্ম-৬, ফৰ্ম-৭ আৰু ফৰ্ম-৮ আবেদন পৰ্যালোচনা কৰিব লাগিব আৰু নিয়ম অনুসৰি সেইবোৰৰ ক্ষিপ্ৰ নিষ্পত্তি নিশ্চিত কৰিব লাগিব। ভৌতিকভাৱে প্ৰাপ্ত সকলো প্ৰপত্ৰৰ সঠিক জিম্মা আৰু সংৰক্ষণ নিশ্চিত কৰিব লাগিব।"
##bigupdate #newsupdate #Ceo #uttarpradesh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।