Saturday, 07 November 2026
লগইন
ব্ৰেকিং

বিৰোধী দলৰ ‘চলো দিল্লী’ কাৰ্যসূচীৰ বাবে ৩,০০০ তকৈও অধিক জোৱান মোতায়ন

‘চলো দিল্লী’ কাৰ্যসূচী

নিউজ ডেস্ক : ১ নৱেম্বৰত ৰামলীলা মৈদানত হ’বলগীয়া বিৰোধী দলৰ ‘চলো দিল্লী’ কাৰ্যসূচীৰ বাবে ব্যাপক নিৰাপত্তাৰ প্ৰস্তুতি চলাছে । এজন আৰক্ষী বিষয়াই জনোৱা মতে, এই প্ৰতিবাদৰ পূৰ্বে দিল্লী আৰক্ষীয়ে ৩,০০০ তকৈও অধিক জোৱান মোতায়ন কৰিব আৰু এআই (AI) চালিত নিৰীক্ষণ ব্যৱস্থাকে ধৰি ২০০ তকৈও অধিক চিচিটিভি (CCTV) স্থাপন কৰিব।

যোৱা ১১ অক্টোবৰত জন্তৰ মন্তৰক প্ৰতিবাদস্থলী হিচাপে ডি-নটিফাই কৰাৰ পিছত এই স্থানত এইটোৱেই প্ৰথম ডাঙৰ প্ৰদৰ্শন হ’ব, যাৰ বাবে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ স্থানটোক ১৪ টা জ’নত (Zone) বিভক্ত কৰা হৈছে।

কেন্দ্ৰীয় জিলাৰ আৰক্ষী বিষয়াজনে লগতে কয়, “যিহেতু খেলপথাৰখন ডাঙৰ, সেয়েহে ভিৰ নিয়ন্ত্ৰণৰ বাবে পৃথক পৃথক জ’ন তৈয়াৰ কৰা হৈছে। প্ৰতিটো জ’ন এজন সহকাৰী আৰক্ষী আয়ুক্ত (ACP) ৰেংকৰ বিষয়াই পৰিচালনা কৰিব।”

বিষয়াজনে জনোৱা মতে, প্ৰতিবাদস্থলীৰ ওচৰত কণ্ট্ৰ’ল ৰুম স্থাপন কৰা হৈছে, য’ত আৰক্ষী জোৱানসকল বডী-ৱৰ্ণ (শৰীৰত পৰিহিত) কেমেৰা আৰু নিৰীক্ষণ ব্যৱস্থা থকা বাহনেৰে সজ্জিত হ’ব।
বৃহস্পতি
##bigupdate #newsupdate #CJP #politicalnews #chalodelhi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।