নিউজ ডেস্ক : SIR,মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ প্ৰতিবাদ কৰিব ক’কৰোচ্ছ জনতা পাৰ্টীয়ে । শুকুৰবাৰে এই কথা ঘোষণা কৰিছে CJP ৰ নেতা আশুতোষ ৰাংকা আৰু সৌৰভ দাসে । মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পদত্যাগ কৰিবই লাগিব, যেতিয়ালৈ জ্ঞানেশ কুমাৰে পদত্যাগ নকৰে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰে ।
ইফালে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে ৰুজু হোৱা পৃথক গোচৰৰ সন্দৰ্ভত মন্দিৰ মাৰ্গ থানাৰ বিশেষ কাৰ্যবাহী দণ্ডাধীশ (SEM) ৰ সন্মুখত হাজিৰ হোৱাৰ পিছতেই এই মন্তব্য কৰিছিল । "আন্দোলন চলি থাকিব। এই দেশৰ জনসাধাৰণে আমাক প্ৰদান কৰা এই মঞ্চৰ আমি হ’লো অভিভাৱক। আমি কেৱল আমাৰ সাধ্যানুসৰি সৰ্বশ্ৰেষ্ঠখিনি কৰিবলৈ চেষ্টা কৰিছো । আমি কাৰাগাৰত থাকিলেও আন্দোলন অব্যাহত থাকিব," এছইএম (SEM) ৰ সন্মুখত হাজিৰ হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত ৰাংকাই এইদৰে কয়।
তেওঁ লগতে কয়, "আমি নিজৰ বিষয়ে আৰু এই শাসন ব্যৱস্থাই যিধৰণে কাম কৰিছে সেই সন্দৰ্ভত বহু কথা শিকিব পাৰিলো । পৰৱৰ্তী পদক্ষেপসমূহ চূড়ান্ত হোৱাৰ পিছত ঘোষণা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। আমি ক্ৰাইম ব্ৰাঞ্চৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো ।"
চিজিপি (CJP) ৰ আশুতোষ ৰাংকা ক্ৰাইম ব্ৰাঞ্চৰ পৰা লাভ কৰা জাননী সন্দৰ্ভত আশুতোষ ৰাংকাই কয়, "আমি তেওঁলোকৰ পৰা জানিবলৈ অপেক্ষা কৰি আছো । আমি এতিয়ালৈকে কোনো নিৰ্দিষ্ট তাৰিখ পোৱা নাই। পূৰ্বৰ তাৰিখত আমি উপস্থিত হ’ব পৰা নাছিলো আৰু সেই বিষয়ে আমি তেওঁলোকক অৱগত কৰিছিলো । তেওঁলোকে সময়সূচী নিশ্চিত কৰিব বুলি কৈছিল, গতিকে আমি ক্ৰাইম ব্ৰাঞ্চৰ সঁহাৰিৰ বাবে বাট চাই আছো ।"
এছআইআৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত চিপিআই(এম) [CPI(M)] ৰ জ্যেষ্ঠ নেত্ৰী বৃন্দা কাৰাটে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, "মোডী চৰকাৰে এখন শান্তি চুক্তিত স্বাক্ষৰ কৰক যে তেওঁলোকে ভোটাধিকাৰৰ ওপৰত আক্ৰমণ বন্ধ কৰিব, সংবিধানৰ ওপৰত আক্ৰমণ বন্ধ কৰিব, এছআইআৰ (SIR) বাতিল কৰিব আৰু জ্ঞানেশ কুমাৰৰ পদত্যাগ নিশ্চিত কৰিব ।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।