নিউজ ডেস্ক : চিজেপি নেতা আশুতোষ ৰাংকা আৰু সৌৰভ দাসৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত কৰিবলৈ ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰিছে দিল্লী আৰক্ষীয়ে । প্ৰতিবাদৰ বাবে নিষিদ্ধ ঘোষিত যন্তৰ- মন্তৰ অঞ্চলত অনাধিকাৰ প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ গোচৰটোৰ পাছতে কনাট প্লেচ থানাত ৰুজু হোৱা গোচৰটোও ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰে ।
আশুতোষ ৰাংকা আৰু দাসৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩-ৰ ২২৩(এ) (ৰাজহুৱা কৰ্মচাৰীয়ে যথাযথভাৱে জাৰি কৰা আদেশ অমান্য কৰা), ৩৩২ (অপৰাধমূলক উদ্দেশ্যে অবৈধভাৱে প্ৰৱেশ) আৰু ৬১(২) (অপৰাধমূলক ষড়যন্ত্ৰ) আদি ধাৰাত কনাট প্লেচ থানাত এজাহাৰ ৰুজু কৰা হৈছিল।
উল্লেখ্য যে, পূৰ্বে শান্তি বজাই ৰখাৰ শপতনামাক অমান্য কৰি নিষেধাজ্ঞা থকা সত্ত্বেও যন্তৰ-মন্তৰত অনাধিকাৰ প্ৰৱেশ আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আৰক্ষীয়ে দুয়োগৰাকী নেতাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। ক্ৰাইম ব্ৰাঞ্চে বৰ্তমান ঘটনাটোৰ আঁৰৰ সকলো দিশ সামৰি তদন্ত চলাই আছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।