Friday, 06 November 2026
লগইন
ব্ৰেকিং

চিজেপিৰ তিনি নেতাৰ ফোন হেক কৰিলে নেকি ? ৰাংকা, দাসৰ প্ৰশ্ন

একনায়কত্ববাদ চলিছে নেকি দেশত ?

প্ৰায় ২৪ ঘণ্টাৰো অধিক সময় আৰক্ষীৰ অধীনৰ পৰা ওলাই আহি চৰকাৰৰ বিৰুদ্ধে বহু কেইটা অভিযোগ উত্থাপন কৰে চিজেপিৰ নেতা আশুতোষ ৰাংকা, সৌৰভ দাসে ।

প্ৰতিৰোধমূলক গ্ৰেপ্তাৰৰৰ পৰা মুকলি হোৱাৰ পাছতে সংবাদমেল সম্বোধন সমগ্ৰ দেশতে আঘোষিত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে । 

 সৌৰভ দাসে কয়,"১৯৭৫ত এই ধৰণৰ পৰিৱেশ দেখা পোৱা গৈছিল ৷ ১৯৭৫ৰ পাছত একনায়কত্ববাদী শাসনক হৈ পৰিছে চৰকাৰ । আমাক গৃহযুদ্ধ সদৃশ পৰিৱেশলৈ ঠেলি দিছে ৷"

তেওঁ লগতে কয়,"উপযুক্ত প্ৰমাণ নেদেখুৱাকৈ আৰক্ষীয়ে আমাক ধৰি লৈ গৈছিল ৷ আমাক ব্যক্তিগত বাহন বহু দূৰলৈ লৈ গৈছিলে । ফোন জব্দ কৰা হৈছিল ৷ আমাক আমাৰ অধিবক্তাৰ সৈতে কথা পতাৰ সুবিধা দিব লাগে বুলি আৰক্ষীক দাবী কৰিছিলো ৷ কিন্তু আৰক্ষীয়ে সেই কথা শুনা নাছিল। আমাৰ মৌলিক অধিকাৰ কিমান খৰ্ব কৰিলে আপুনিও ভাবি চাওক ৷"

আমাৰ প্ৰশ্ন হৈছে ২৪ ঘণ্টা যে আমাৰ ফোনসমূহ জব্দ কৰি ৰাখি থলে, সেই সময়ত আমাৰ ফোন সমূহৰ সৈতে কি কি কৰিলে ? আমাৰ আংশকা হৈছে আমাৰ ফোনসমূহ হেক কৰা হৈছে ৷ ডাটা চুৰি কৰা হৈছে । যাতে পৰৱৰ্তী সময়ত তেওঁলোকে বেলেগ কামত ব্যৱহাৰ কৰিব ।"

দাসে কয়,"৩০-৪০ হাজাৰ আৰক্ষী, সেনা দিল্লীত মোতায়ন কৰা হৈছে ৷ ইয়াৰ দ্বাৰা প্ৰতিবাদকাৰীৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ আৰু ৰাইজৰ মাজলৈ প্ৰতিবাদৰ সন্দৰ্ভত বেয়া বাৰ্তা দিবলৈ চৰকাৰে সকলো যাতায়ত ব্যৱস্থা বন্ধ কৰিলে ৷ ব্যৱসায়িক প্ৰতিষ্ঠান সকলো বন্ধ কৰি দিলে । সাধাৰণ জনতাক অধিকাৰৰ পৰা বঞ্চিত কৰি কেন্দ্ৰীয় চৰকাৰে বিগত দুই-তিনিদিনত এই ব্যৱস্থা গঢ়ি তুলছিল ৷"
##bigupdate #newsupdate #policticalnews #CJP #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।