Saturday, 07 November 2026
লগইন
ব্ৰেকিং

'১০ অক্টোবৰত হ’বলগীয়া প্ৰতিবাদৰ পূৰ্বে চৰকাৰে আমাক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে!'

বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ক'কৰোচ জনতা পাৰ্টীৰ

ক'কৰোচ জনতা পাৰ্টীৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে দাবী কৰে যে, চৰকাৰে তেওঁ আৰু দলৰ আন কেইবাগৰাকীও নেতা যেনে— অভিজিত দিপকে, আশুতোষ ৰাংকা আৰু ৰত্না সিঙক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ লগতে তেওঁ ১০ অক্টোবৰৰ পৰা প্ৰতিবাদকাৰীসকলক এক বৃহৎ সমাৱেশৰ বাবে আহ্বান জনাইছে।

এটা 'X' পোষ্টযোগে মুখপাত্ৰযোগে অভিযোগ কৰে যে, চৰকাৰে বিশ্বাস কৰিছিল যে এনে কাৰ্যই আন্দোলনটো দমন কৰিব, আৰু লগতে ক’লে যে, "যুৱ প্ৰজন্ম সাৰ পাই উঠিছে"। তেওঁ নিজৰ অধিকাৰ আৰু ভৱিষ্যতৰ বাবে "আমাৰ সৈতে বা আমাৰ অবিহনে" আন্দোলন অব্যাহত ৰাখিবলৈ ৰাইজক আহ্বান জনায়।

"প্ৰতিবাদ চলি থাকিবই লাগিব। ভাৰতৰ জনসাধাৰণে ১০ অক্টোবৰৰ পৰা আটাইতকৈ ডাঙৰ গণ-একত্ৰীকৰণ নিশ্চিত কৰা উচিত" বুলি তেওঁ উল্লেখ কৰে।

তাৰোপৰি তেওঁ কয় যে , "CJP ৰ নেতাসকল গ্ৰেপ্তাৰ বা তাতকৈও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু আছে, তেওঁ সকীয়াই দিয়ে যে, চৰকাৰৰ তেনে যিকোনো পদক্ষেপ এক ডাঙৰ ভুল হ’ব।"

"চৰকাৰে যদি ভাবে যে এনেকুৱা একনায়কত্ববাদী কাৰ্যকলাপ সফল হ’ব, তেন্তে তেওঁলোক ভুল বুজাবুজিৰ মাজত আছে। যুৱপ্ৰজন্মই এইটো কেতিয়াও সহ্য নকৰে।"

CJP ৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে 'x'যোগে এটা পোষ্টত দাবী কৰে যে, চৰকাৰে তেওঁৰ লগতে দলৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে, আশুতোষ ৰাংকা, ৰত্না সিং আৰু অন্যান্য নেতৃবৃন্দক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে, দেওবাৰে সংসদৰ ৰাজপথ থানাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ কেইঘণ্টামান পিছতে এগৰাকী মহিলা সাংবাদিকে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীয়ে তেওঁক নিৰ্যাতন আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে এই পোষ্টটো প্ৰকাশ কৰা হৈছে।

CJPৰ আইনী দলৰ মুৰব্বী ৰত্না সিং, গোচৰকাৰী আৰু তেওঁৰ অধিবক্তাসকলৰ সৈতে আৰক্ষী থানাত উপস্থিত থকা সৌৰভ দাসে দাবী কৰে যে,আৰক্ষীয়ে তেওঁৰ গোচৰটোৰ এখন অভিযোগনামা পঞ্জীয়ন কৰিব লাগে।

প্ৰতিবাদকাৰীসকলক সাক্ষাৎ নকৰাৰ বাবে তেওঁ আৰক্ষীক প্ৰশ্ন উত্থাপন কৰি কয় যে, তেওঁলোকে কৰ্তৃপক্ষৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছিল। 

"অভিযোগকাৰী, অৰ্থাৎ ভুক্তভোগীগৰাকী তেওঁৰ অধিবক্তা আৰু আমাৰ বাকীসকলৰ সৈতে ইয়াতে উপস্থিত আছে। তেওঁলোকে আমাৰ সৈতে কথা নাপাতে কিয়? আমি তেওঁলোকক দুই বা তিনি মিনিট সময় দিছোঁ; অন্যথা আমি ভিতৰলৈ জোৰ কৰি সোমাই যাম।"

তাৰোপৰি তেওঁ কয় যে, তেওঁ আৰু সিঙে মহিলাগৰাকীক সমৰ্থন কৰিবলৈ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানালৈ গৈছিল আৰু অভিযোগ কৰিছিল যে দিল্লী আৰক্ষীয়ে তেওঁৰ সৈতে সহযোগিতা কৰা নাছিল।

"CJP ৰ হৈ ৰত্না সিং আৰু মই ভুক্তভোগীগৰাকীক সমৰ্থন কৰিবলৈ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানালৈ আহিছোঁ" বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে,প্ৰতিবাদ চলি থকা সময়ত যুৱ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আবদ্ধ কৰি ৰখা, প্ৰহাৰ কৰা আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে আৰু ২০ জুলাইৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ কথাও সৌৰভ দাসে উল্লেখ কৰে।

ইয়াৰোপৰি CJPৰ মুখপাত্ৰগৰাকীয়ে কয় যে, "দিল্লী আৰক্ষীয়ে তেওঁলোকৰ মনোভাৱৰ বাবে লাজ পোৱা উচিত, বিশেষকৈ ২০ জুলাইত দেখা পোৱা বৰ্বৰতাৰ পিছত; তেওঁলোকে এইদৰেই আচৰণ কৰিছে,"
##bigupdate#newsupdate#CJP#politicalnews#latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।