Saturday, 07 November 2026
লগইন
ব্ৰেকিং

দিল্লী আৰক্ষীৰ সৌৰভ দাস, আশুতোষ ৰাংকাক প্ৰতিৰোধমূলক গ্ৰেপ্তাৰ

চিজেপি নেতাক প্ৰতিৰোধমূলক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: বুধবাৰে পুনৰ ক'কৰোচ্ছ জনতা পাৰ্টিৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক প্ৰতিৰোধমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে । বিশেষ সুত্ৰ অনুসৰি, তেওঁলোকক তিহাৰ জে'ললৈ প্ৰেৰণৰ সম্ভৱনা আছে । মঙলবাৰে তেওঁলোকে ১২ জন সদস্যৰ সৈতে যন্তৰ মন্তৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত আটক কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক অনুপ্ৰৱেশ, বণ্ড ভংগ কৰা আৰু আদেশ অমান্য কৰা আদি কেইবাটাও ধাৰাত ৰুজু হোৱা এক এজাহাৰৰ (FIR) পিছতে প্ৰতিৰোধমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে, চৰকাৰে সোমবাৰে যন্তৰ মন্তৰক এক নিৰ্দিষ্ট প্ৰতিবাদ স্থলী হিচাপে থকা স্বীকৃতি বাতিল কৰিছিল । চিজেপিয়ে যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে ১০ অক্টোবৰত দিল্লী আৰক্ষীয়ে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দাস, ৰাংকা আৰু অভিজিৎ দিপকক আটক কৰিছিল ।
পৰৱৰ্তী সময়ত তেওঁলোকে ৫০,০০০ টকাকৈ জামিন বণ্ড দাখিল কৰাৰ লগতে এবছৰৰ বাবে শান্তি আৰু সদ আচৰণ বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে মুক্তি দিয়া হৈছিল ।

শান্তি বণ্ড কি ?

শান্তি বণ্ড হ'ল কৰ্তৃপক্ষক দিয়া এক প্ৰতিশ্ৰুতি, যাৰ জৰিয়তে এজন ব্যক্তিয়ে এক নিৰ্দিষ্ট সময়ৰ বাবে শান্তি আৰু সদ আচৰণ বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে । যদি কোনো ব্যক্তিয়ে ইয়াৰ চৰ্তসমূহ উলংঘা কৰা দেখা যায়, তেন্তে আৰক্ষীয়ে বিষয়টো দণ্ডাধীশৰ ওচৰলৈ নিব পাৰে । যিয়ে আইন অনুসৰি আটক কৰাকে ধৰি অধিক আইনী পদক্ষেপৰ নিৰ্দেশ দিব পাৰে।

মঙলবাৰে দাস, ৰাংকা আৰু অজিংক্য সিন্দেকে ধৰি চিজেপিৰ ১৪ জন সদস্যই যন্তৰ মন্তৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত আটক কৰিছিল আৰক্ষীয়ে ।
##bigupdate #newsupdate #politicalnews #CJP #delhipolice #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।