Saturday, 21 November 2026
লগইন
ব্ৰেকিং

জম্মু-কাশ্মীৰৰ কুলগামত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত দুধৰ্ষ সন্ত্ৰাসবাদী

সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

নিউজ ডেস্ক : জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক সংঘৰ্ষত এজন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আন এজন আবদ্ধ হৈছে বুলি জানিব পৰা গৈছে ।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি, যোৱা সপ্তাহত সেই অঞ্চলটোতে সন্ত্ৰাসবাদীৰ এক আক্ৰমণত চিআৰপিএফৰ (CRPF) তিনিজন জোৱান আহত হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, সেনা আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সহযোগত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। এই অভিযানত সেনাৰ সকলো নিকটৱৰ্তী গোট আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট (Special Operation Group) জড়িত হৈ আছে।

আৰক্ষী সঞ্চালক প্ৰধান (DGP) নলিন প্ৰভাতে কয় যে মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী লতিফ ভাট নিহত হোৱাৰ সন্দৰ্ভত তেওঁলোকৰ ওচৰত এতিয়াও কোনো নিশ্চিত তথ্য নাই। এজন সন্ত্ৰাসবাদী নিহত হৈছে আৰু আনজনক বিচাৰি উলিয়াবলৈ অভিযান অব্যাহত আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

জানিব পৰা মতে, কুলগামৰ বাসিন্দা লতিফ ভাটে পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে মিলি কাম কৰি আছে । অভাৰগ্ৰাউণ্ড ৱৰ্কাৰৰ (OGW) নেটৱৰ্কৰ সহায়ত দক্ষিণ কাশ্মীৰৰ বিভিন্ন গোপন স্থানত আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে।
 ২০২৬ চনত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণত ভাট জড়িত থকাৰ অভিযোগ আছে, যাৰ ভিতৰত ২২ জুলাইত অনন্তনাগৰ লাল চক অঞ্চলত এজন আৰক্ষী কনিষ্টবলক হত্যা আৰু ৩১ জুলাইত কুলগামত প্ৰব্ৰজিত শ্ৰমিকক হত্যা কৰাৰ ঘটনা অন্যতম।

যোৱা ১১ নৱেম্বৰত দুজন অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে কুলগামৰ মিৰ বজাৰৰ সমীপত থকা চিআৰপিএফৰ এটা চকীত গুলীচালনা কৰাত তিনিজন জোৱান আহত হৈছিল আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক আছিল। পিছত সন্ত্ৰাসবাদীকেইটা বনাঞ্চলৰ মাজলৈ পলাই গৈছিল।
##bigupdate #newsupdate #jammukashmir #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।